পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
[ ২য় অঙ্ক
নগা কোঁৱৰ

মোৰ আৰাধনা তুমি। ইয়ালৈকে তুমি আহাঁ, ইয়াতে তোমাৰ পূজা দি গুচি যোৱা—! ময়ো মোৰ সজীব দেৱতাৰ জীৱন্ত মূৰ্ত্তিৰ এই খিনিতে এবাৰ গোপন দৰ্শন কৰি মোৰ অৰ্য্য দি গুছি যাওঁ! অন্তৰৰ গোপন কথাটি কওঁ বুলি কব নোৱাৰোঁ,—নীৰব যন্ত্ৰণাত ছাতিফুটি কৈ দেই পুৰি মৰোঁ। কিয় তুমি মোৰ দৃষ্টিৰ পথত উদয় হলাহি—মোৰ সাধনাত বাধা দিলাহি? সেই দিনা—সেই দিনাই মোৰ সাধনাৰ মোৰ কৰ্ত্তব্যৰ অৰ্দ্ধেক সিদ্ধি হলহেঁতেন; তুমি কিয় বাধা দিলাহি? তুমি আহি উপস্থিত নহলে কালৰ সোঁত আনফালে ব’লে হেঁতেন। কি কৰিলা? কিয় এই হতভাগিনীৰ এনে দূৰ্গতি কৰিলা। যি মুহূৰ্তে তোমাক দেখিছে। প্ৰাণমন সকলো সমৰ্পণ কৰিছোঁ। সেই মুহূৰ্ত্ত অবধি তোমাৰ চিন্তা তোমাৰ সেই মোহন মূৰ্ত্তিৰ ধ্যানে মোক সকলো পাহৰাই দিছে। যি কৰ্তব্য সন্ধানত এই নৰকত সোমাইছোঁ তোমাৰ চিন্তাই যে মোৰ সেই কৰ্ত্তব্যও পাহৰাই দিছে। কিয় এনে সৰ্ব্বনাশ কৰিলা! মোৰ কি কৰিল।
[ কণচেঙে সিচা ঠাইত ফুলবিলাক সিচি দিয়ে ]
 হে মোৰ দেৱতা! হে প্ৰিয়! লোৱা, তোমাৰ উদ্দেশ্যে অৰ্পণ কৰিছোঁ।
 [ লাহে লাহে প্ৰস্থান আৰু পিছতে ধেনুত কাড় জুৰিলৈ চুৰেং কোঁৱৰৰ প্ৰবেশ ]
 চুৰেং—ইয়ালৈকে সি আহে। আজিও হয়তো আহিব!