পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭ম দৃশ্য ]
৮৭
নগা কোঁৱৰ

মুক্ত পখি মুক্ত পক্ষ বিস্তাৰ কৰি মুক্ত আকাশত বিচৰণ। কৰিবলৈ আকৌ উৰি গুচি যাব! যাম! যা-বুবু! মই যাম। লুকুক চাবি, কবি, মই যাম। লুকুৰ ভৰিত ধৰি মোৰ অপৰাধৰ ক্ষমা খুজিম গৈ। এবাৰ চাম যদি লুকুৰ মুখৰ সেই হেৰোৱ হাঁহিৰ পুনৰুদ্ধাৰ কৰিব পাৰোঁ। নহলে নিজৰ ওপৰত প্ৰতিশোধ লম। এনে প্ৰতিশোেধ লম যাক কোনও কেতিয়াও কল্পনাও কৰিব পৰা নাই। যা বুবু। মই যাম।

 খুণবাও—আয়িবি চেংলুং!
 কণচেং—যাম বুবু! যোৱাৰ আগতে এবাৰ ৰজাক কৈ আহিম। ৰজাই পতা বিষয় মই—মোৰ এই অশান্তিৰ আবৰণ এই পৰিচ্ছদ আকৌ শোখাই দি আকৌ মুক্ত আকাশৰ তলত বিচৰণ কৰিবলৈ গুচি যাম। যা বুবু। মই যাম। সঁচাই কৈছোঁ মই যাম। তই যা।
[ খুণৰাওৰ প্ৰস্থান ]
 কিয় মোৰ বুকু কঁপি উঠিল! ই আকৌ কি অমঙ্গলৰ সূচনা নহয়। একো নেমানো। একো নুশুনো! যাম, নিশ্চয় যাম।
[ প্ৰস্থান। ]

[ কোছত কিছুমান ফুললৈ ৰেণুৰ প্ৰৱেশ ]

 ৰেণু—কব নোৱাৰোঁ কোন তোমাৰ পূজাৰ পাত্ৰ! কোন তোলাৰ নীৰব গোপন আৰাধনাৰ প্ৰতিমা! যেয়ে হওক,