পৃষ্ঠা:নগা কোঁৱৰ.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬ষ্ঠ দৃশ্য ]
৭৯
নগা কোঁৱৰ

 ৰেণু—এনেয়ে ডেকাৰজা আপোনাৰ ওপৰত খড়্গহস্ত তাৰ ওপৰত মই আপোনাৰ মহললৈ যাওঁ, মোৰ আৰু কালিলৈ ডিঙিত মূৰ নেথাকে।
 চুৰেং—মোৰ ওপৰত খড়্গহস্ত! মই ককাইদেউৰ কি পানীখোৱা পুখুৰীত বিহ ঢালিছোঁ যে মোৰ ওপৰত ইমান আক্ৰোশ!
 ৰেণু—আপোনালোকৰ আঁহে আঁহে কথা, আপোনালোকেই জানে ডেকাৰজাৰে অপোনাৰে কিহত বিৰোধ? আমি আৰু সেইবোৰৰ কি ভূ পাওঁ!
 চুৰেং—মোৰ কথা বাৰু ককাইদেৱে কিবা কৈছেনেকি?
 ৰেণু—আপুনিও ভাল কোঁৱৰ। আমি লিগিৰি—, আমাক নো সেইবোৰ পেটৰ কথা কিয় কবলৈ যাব? কাৰ পেটত কি আছে কোনে জানে?
 চুৰেং—মুখ ফুটাই নকলেওতো কথা বতৰৰ পৰা বুজি পাইছা। তাকেহে সুধিছোঁ কিহৰ পৰা তোমাৰ এনে অনুমান হল।
 ৰেণু—আমাৰ অনুমান আৰু কি কোঁৱৰ,—লিগিৰিহতঁৰ সৈতে কোৱা মেলা কৰোঁতে শুনিছিলোঁ বোলে ডেকাৰজাৰ কোনোবা এজনী লিগিৰিৰ কাৰণে হেনো আপুনি একেবাৰে বলিয়া। তাইক বোলে ডেকাৰজায়ো বৰ ভাল পায়! পিছে লিগিৰি জনীক বোলে আপুনি হাত কৰিবৰ কাৰণে তলে তলে খুব চক্ৰান্ত কৰিছে। সেই দেখি ডেকা ৰজাৰ হুকুম, কোন লিগিৰি আপোনাৰ মহলৰ ফালে যাব নোৱাৰে।