পৃষ্ঠা:নগা কোঁৱৰ.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য ]
৭৫
নগা কোঁৱৰ

[ লাহে লাহে লুকুৰ পুনঃ প্ৰবেশ ]

 লুকু—বুবু! ক’ত কলে বুবু! লুকুৰ বুকুৰ বিতৰৰ কতা বুবুয়ে জানি পায়! চকুপানী ডাকিব কুজি ডাকিব নুৱাৰুঁ। কি অ’ল! কাকাটি! কাকাটি আৰু অচা নায়িব না?

[ আকৌ শিলত বহেগৈ ]


গীত

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ
 পাতত তিৰেবিৰায় পানী।
ৰ’দত তিৰেবিৰায় জিয়াৰে পাপি ঐ
 ফুলনীত ফুলৰে ৰাণী।
এন্ধাৰত জিলিকে জোনাকী পৰুৱা
 আকাশত জিলিকে জোন।
ক'লাকৈ ডাৱৰত বিজুলী জিলিকে
 হিয়াত মোৰ জিলিকে কোন?
কলিজাত যিকুডা জলে ঐ জিয়াজুই
 তাতো ঐ জিলিকে কেচাসোণ!
হবনে এনেদিন বাজিব ভগা বীণ
 হিয়াত মোৰ জলিব পূৰ্ণিমাৰ জোন।

—পট পৰে—