পৃষ্ঠা:নগা কোঁৱৰ.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
[ ২য় অঙ্ক
নগা কোঁৱৰ

 চাও—শিয়ালৰ ইমান সাহ যে সিংহক আহি গাঁতত জোকাই লয়! পাঠানে এতিয়াও বুজা নাই আহোমৰ পৰাক্ৰম! সমুচিত শাস্তি বিধান কৰিব লাগিব স্বৰ্গদেও। এনে ব্যবস্থা কৰিব লাগিব যেন চিৰকাললৈ পাঠানে এনে দুঃসাহস কৰাৰ পৰিণাম কি ভীষণ তাক সুঁৱৰি সুঁৱৰি শিঁয়ৰি উঠে।
 খেনলুং—তেনে ব্যৱস্থাই কৰিব লাগিব ডাঙৰীয়া! ইয়াত অৱশ্যে কোছৰজা বিশ্বসিংহও তলে তলে সহায় আছে, নহলে কি সাধ্য ক্ষুদ্ৰ ৰঙামাটিৰ নবাবৰ যে পৰাক্ৰমী আহোমক জোকাবলৈ আগবাঢ়ে? যদি বিশ্বসিংহৰ যোগ আছে— তেনেহলে অৱশ্যে আশঙ্কাৰ যথেষ্ট কাৰণ আছে। কিবা কয় কোঁৱৰে?
 কণচেং—আপোনাসকল বিজ্ঞ বহুদৰ্শী। কিয় সোধে মোক? আজ্ঞা দিব—যাম ৰণলৈ। দিয়ে যদি দিব সৈন্যবল। নতু, অকলৈ সংহাৰিম শতেক পদাতি! ৰণ দিম দেহত শক্তি থাকে মানে—প্ৰাণ দিম দেশৰ কাৰণে।
 চুহু—বীৰৰচিত কথা। এনে বীৰ থাকোঁতে দেশত কাৰ সাধ্য আহোমক জিনে! ডাঙৰীয়া সকল, পাঠানক ভেটিবৰ যুক্তি স্থিৰ কৰক।
 খেনলুং—তাকেহে ভাবিছোঁ স্বৰ্গদেও, যদি বিশসিংহে— পাঠানক সহায় দিছে তেনেহলে ৰণৰ আয়োজন ভাঙৰেই হব লাগিব।