পৃষ্ঠা:নগা কোঁৱৰ.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
৬৩
নগা কোঁৱৰ

যদি তুমি আহা তাত আমনি পোৱাটোতত একো অস্বাভাবিক নহয়।
 হেলা—এইমাত্ৰ আপুনি লিগিৰিহঁতৰ গীত শুনি তন্ময় হৈ আছিল, মই আহিলতে আমনি লাগি গ'ল! অশান্তি আহি পৰিল। মই কি এনেকুৱাই পিশাচী যে সহধৰ্ম্মিনী হৈও আপোনাৰ দুখ দুশ্চিন্তাৰ এফেৰি লাঘব কৰিব নোৱাৰোঁ। আপোনাৰ মনলৈ এফেৰি শান্তি আনি দিব নোৱাৰে।
 চুক্লেন—দুশ্চিন্তাত মন বেয়া লাগি আছিল বুলি লিগিৰি হঁতৰ গীত শুনি মনৰ ভাৰ পাতলাৰ চেষ্টা কৰিছিলোঁ, তাতো ভাল নেলাগিল বুলি সিহঁতকো খেদি দিলোঁ। তাৰ পিছতে তুমি আহিলা। মনৰ অশান্তিত কৈ পেলালোঁ কিয় আমনি কৰা বুলি, তাতে নো ইমান বেজাৰ লাগিলনে হেলা?
 হেলা—জানেনে নাথ, আপোনাৰ এআষাৰ হাঁহিমুখৰ মাতৰ কাৰণে হেলাই অকাতৰে মৰণকো বৰিব পাৰে।

[ এজনী লিগিৰিৰ প্ৰবেশ ]

 লিগিৰি—আইচু দেউতা, মেল কৰিবৰ হ’ল।

[ প্ৰস্থান ]

 চুক্লেন—[ উঠি ] ব’লা হেলা। যদি কেতিয়াবা ভুলে চুকে টান কথা কৈ থাকোঁ তোমাৰে স্বামী বুলি ক্ষমা কৰিবা হেলা।

 হেলা—কিয় এনে কথা কয় নাথ, হেলাৰ ওচৰত আপোনা কোনো অপৰাধ হব নোঁৱাৰে। হেলাৰ জনম