পৃষ্ঠা:নগা কোঁৱৰ.djvu/২২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
[ ৫ম অঙ্ক
নগা কোঁৱৰ

পঞ্চম দৃশ্য

চৰাইদেও মন্দিৰৰ সন্মুখ

 [ আয়তীবিলাকে হাতে হাতে ধূপ ধুনা চাকি সলিতা আদি লৈ সোমাই আহি মন্দিৰৰ খট খটিত বহি আৰতি গায় ]

গোঁসানী গোঁসানী অ’ আই গোঁসানী—
 আসনত আছনে নাই!
আৰু তোক নুশুৱায় পুতলা ৰূপে আই
 চা চকুমেলি চাই।
পূজাৰে পূজাৰী গ’ল সাৰি সাৰি
 পালি পৰিয়াও নাই।
সৰাইত অৰিহণা নাই ধূপে ধুনা,
 বন্তিত সলিতা নাই।
ক’তে ভগৱতী লুকালি শকতি—
 সংহাৰ মূৰুতি আই!
অ’ ভগৱতী, অ’ কেচাই খাতী,
 অ’ মোৰ গোসানী মাই!

[ সকলোৰে প্ৰস্থান ]

[ হাতত কটাৰী লৈ ৰতিমন সোমায় ]

 ৰতিমন—এইয়েই মন্দিৰ! এইয়া তাৰ—খটখটি! পিতা! ইয়াৰ তলতে কেঁচা তেজৰ তৃষ্ণাত অপেক্ষা কৰিছা! ক্ষন্তেক ৰবা—এইয়া কটাৰী—ইয়াৰ এটা ৰেপ! এই খিনিতে! দৃপ্ত হ প্ৰতিহিংসা—আশীৰ্ব্বাদ কৰা মাতৃ!