পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
[৫ম অঙ্ক
নগা কোঁৱৰ

 [ কণচেঙক এৰি আহি—জাঠি তুলিলৈ নিজৰ বুকুত মাৰি পৰি যায়।]

 লুকু—লুকু—

 কণচেং—কি কৰিলি বুবু—মোক মাৰিবলৈ আহি জাঠি নিজৰ বুকুত বহুৱালি! বুবু—বুবু

[ কান্দে আৰু খুণবাওৰ মুৰ কোলাত তুলি লয ]

 খুণবাও—মই আয়িলুঁ চেংলুং—লুকু অকল তাকিছে—মই যাওঁ চেং-লুং—্লু—কু

[ মৃত্যু ]

 কণচেং—গলি গই বুবু—লুকুৰ—ওচৰলৈ গুচি গলি—মোক কাৰ গুৰিত থৈ গলি বুবু! বুবু!

—আঁৰ কাপোৰ—

⸺⸺


দ্বিতীয় দৃশ্য
চৰগুৱাৰ ডেকা বজাৰ হাউলী।
[ চুক্লেন কোঁৱৰৰ কক্ষ। অকলে ৰতিমন ]

 ৰতিমন—আশাত বন্দীহৈ যলৈকে আহিছোঁ ততে ব্যৰ্থ হৈছোঁ! হে দেৱতা! হে মোৰ চিৰ আৰাধ্য! মোৰ কি কৰিলা! তোমাৰ আশাতে এই শ্মশানলৈ আহিলোঁ —আহত চুক্লেন উপলক্ষ্য মাথোন! মোৰ—দুৰ্ভাগ্য—তুমি আগেয়েই গুচি গলা! আশাৰ আশাত চাপি যাওঁ—কিন্তু পাওঁহি হিয়ভৰা দুখ—বুকুভৰা অশান্তি!