পৃষ্ঠা:নগা কোঁৱৰ.djvu/২১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য]
২০১
নগা কোঁৱৰ

(বেগাই লেহেতীয়াৰ প্ৰবেশ)

 লেহে-জনাব! এইবাৰ ৰক্ষা নাই! নাৰীসেনা একেবাৰে মতোৱাল হৈ এই ফাললৈকে আহিছে! প্ৰস্তুত হ’ক জনাব!

 মূলা—ক’ত তুৰ্ব্বক! ক’ত হুছেন! ক’ত বঙাল! আহ নৰাধমহঁত! যদি সাধ্য আছে সম্মুখ হ! ৰক্ষা নাই! চামুণ্ডা নাৰীৰ আগত ৰক্ষা নাই!

 লেহে—সেইয়া পালেহি জনাব! পালেহি!

 [ খোলা তৰোৱাললৈ মূলা, হেলা, মুহিলা আৰু নাৰীসেনাৰ প্ৰবেশ ] মূলা—এইয়া যে ইয়াতে নৰাধমহঁত! নৰকী পাঠান! আহ কোন তুৰ্ব্বক! কোন হুছেন! কোন বঙাল! মাত নৰকীহঁত! এবাৰ ইষ্টদেবতাৰ নাম জপ কৰ!

 হুছেন—এইয়া হুছেন তোৰ যম নাৰী! পাৰ যদি আত্মৰক্ষা কৰ!

 মূলা—হুছেন! তয়েই হুছেন! পতিঘাতী দস্যু ল প্ৰতিফল!

 [ মূলাই হুছেনক, মুহিলাই নছৰতক, হেলাই লেহেতীয়াক আৰু নাৰী- সেনাই তুৰ্ব্বকক আক্ৰমণ কৰে ]

 মূলা—এইবাৰ নৰকী পাঠান ল ইষ্ট নাম।

[ হুছেন পৰে মূলাই বুকুত তৰোৱাল বহুৱাই দিয়ে ]

 হুছেন—ইয়ে⸺খো⸺দা [ মৃত্যু ]

 [ হুছেনক পৰা দেখি তুৰ্ব্বকে মূলাক আক্ৰমণ কৰে ]