পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য ]
১৯৯
নগা কোঁৱৰ

 মূলা—সাজু হ মুহিলা! সাজু হ'ক, গাভৰুদেও! মাতক সেই শক্তিময়ী মহামায়াক! মাতক! যাৰ শক্তি প্ৰভাবত অসূৰ শক্তি কম্পিত হৈছিল! পাঠান কোন কুটা!

[ তাজু আৰু লেহেতীয়াৰ প্ৰবেশ ]।

 তাজু—এই যে ইয়াতে।

 মূলা—ইয়াতে তোৰ যম। আহ নৰাধম! মাত তোৰ ইষ্ট দেৱতাক।

[ মূলাই তাজুক আৰু হেলাই লেহেতীয়াক আক্ৰমণ কৰে, যুদ্ধত তাজ পৰে ]

 মূলা—মৰ আজি নৰকী পাঠান!

[মূলাই তাজুৰ বুকুত তৰোৱল বহুৱাই দিয়ে আৰু লেহেতীয়া পলায় ]

 তাজু---ইয়া—আ----ল্লা!

[ মৃত্যু ]

মূলা—কলৈ পলাবি কাপুৰুষ! ক’ত সাৰিবি? ৰক্ষা নাই! পলালেও নিস্তাৰ নাই।

[ লেহেতীয়াক খেদি মূলা, হেলা, মুহিলাৰ প্ৰস্থান] [ হাতত এডাল জাঠিলৈ খুণবাওৰ প্ৰবেশ ]

 খুণবাও---ক’ত চেংলুং! ক’ত তাকিছ! তুকে বিচাৰি আয়িছু! উনি পাইছু ইয়াতে আয়িছ ক’ত আৰিবি? লুকু! লুকু! এতিয়া তাকে দেকি পুৱা নাই! তই