পৃষ্ঠা:নগা কোঁৱৰ.djvu/২০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
[ ৪ৰ্থ অঙ্ক
নগা কোঁৱৰ

 হুছেন—কি বুৰ্ব্বক এই আহোম জাতিটো! আউৰৎ পঠিয়াইছে যুদ্ধ কৰিবলৈ!

 নছৰৎ-আৰু সিহঁত কি যেই সেই আউৰৎ হুজুৰালি! একো একোজনী যেন এটা এটা জোৱান মৰদ হে! কি তোফা তলোৱাৰ চলায়! দেখিলে চাই থাকিবৰ মন যায় হুজুৰালি!

 হুছেন—এবাৰ দেখিলে হয়! কি মস্কিলকে যে কৰিলে ইহঁতে! আউৰৎ বুলিলে হাত তুলিব নেপায়,–এতিয়া আকৌ সেই আউৰৎৰ লগত যুদ্ধ কৰিব লাগিব! কি কৰা যায়!

 তুৰ্ব্বক—সিওটো অৱশ্যে এটা ভাবিবৰ কথাই।

 তাজু—কথাকি জনাব! চকুৰে দেখি মাৰিলে বেয়া লাগিব! চকুমুদি তলোৱাৰ ঘূৰাই আগ বাঢ়ি যাব লাগে যি আগত পৰে যাওক জহন্নামে!

 নছৰৎ—যিমান ভাবিছা সিমান ঢিলা নহয় খাঁচাহাব! একো একোজনীয়ে দশ বিশটা পাঠান মাৰিহে মৰিব! মৰদৰ যদি ভাগৰ আছে—ইহঁতৰ মই ভাগৰ দেখা নাই!

 তাজু—আচ্ছা—দেখা যাব। হুকুম কৰক জনাব! মই সিহঁতক ঠিক কৰিম!

 তুৰ্ব্বক---মই ভাবিছিলোঁ। হুছেন খাঁকে পঠাম। বাৰু বেছ। তুমিয়েই যোৱা খাঁ চাহাব। আৰু দোস্ত আপুনিও যাওক।

 লেহে—জনাবৰ যি ইচ্ছা, মই প্ৰস্তুত!