নছৰৎ—মুখ চম্ভালি কথা কবা খা চাহাব! তোমাৰ আক্কেল
খুব বাঢ়িছে! চিনি পাবা নছৰৎ খাঁ কেনেকুৱা।
তুৰ্ব্বক—আহা—তোমালোকে অলপ কথাতে এনে তোফা
আমোদটোত বাধা উপস্থিত কৰিছা! ইয়াত আমোদ কৰিবলৈ
আহিছা আমোদ কৰা! বাজে কথাত মিছামিছি সময় নষ্ট
কৰিছা কিয়?
নছৰৎ—বাৰু দেখক হুজুৰালি যুদ্ধ কথাটোৰ বানান জানেনে
নেজানে ঠিক নাই—তাৰ ওপৰত আকৌ ইমান ডাঙৰ কথা!
কোনে বাৰু সহি থাকিব পাৰে?
তাজু—কি লবি চাবানে কি? মুখৰ কথাত কাম নাই
তৰোৱালেৰে ঠিক হওক!
তুৰ্ব্বক—ছিঃ ছিঃ তোমালোকে কি এইবোৰ কাজিয়া
কৰিছা! ছিঃ ছিঃ যাবলৈ দিয়া, বাজে কথাত সময় নষ্ট
নকৰিবা! বহাঁ, বহাঁ, আকৌ নাচ চলক গান চলক! নছৰৎ!
নৰ্ত্তকীবোৰক কৈ দিয়া আকৌ গান হওক! যোৱা নছৰৎ,
লগাই দিয়া!
নছৰৎ—ভাল হুজুৰালি!
[নৰ্ত্তকীহঁতক উদ্দেশ কৰি ]।
উঠা দিলজানহঁত! আকৌ এবাৰ—খুব ভাল খুব—
খুবচুৰৎ চাই এটি চলাই দিয়াহঁত! একেবাৰে মাৎ কৰি
দিয়াহঁক চোন! উঠা! যদি চৰবৎ লাগে আৰু দিওঁ।
খাই লোৱা!