পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য
১৮৯
নগা কোঁৱৰ

 চেংদৈ—তেন্তে সৌ ভিতৰলৈকে ব’লা,—জুইয়ো আছেই। মই পান কণ কুটিম তুমি সেকি মেলি লবা।
 সোন্দৰ—বাৰু ব’ল। ভিতৰতে হলেও হব। পিছেন এতিয়ান্ যাবেলেকো ওলাইছ, তোক আমনি সন কৰিবেলেকো বেয়া লাগিছে। এফালে ওলালে, আগৰ বুঢ় মাসে কোৱা কথাহে,—বোলে এটা বা এডোসৰ হলেও টিকিৰাত হোঁপা টো মাৰি যাবা। যেনি যাবা জয় জয় ময় ময়। বাৰু ব’ল ভিতৰলৈকে ব’ল!

[ হেতাখোলা আদিলৈ দুয়োৰে প্ৰস্থান। যাওঁতে সোন্দৰে গাই যায় ]

গীত

 চেংদৈ বান্ধৈ! ভালেকৈ বুলিবি বাট!
পিছলি পৰিবি—বাৰুকৈ ধৰিবি
  নহয় এলাপেছা ঘাট!
চেংদৈ বান্ধৈ! লাখুটি পিছলে তাত!
(তাৰ) নাও শুনি তল যাওঁ, তই থাক মই যাওঁ
  ৰণৰ একাচেকা হাট!
চেংদৈ বান্ধৈ! গা চাই বুলিবি বাট।

[ প্ৰস্থান]

পট পৰে