পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
১৮৭
নগা কোঁৱৰ

 চেংদৈ—নেজানো দেসিন তোন্ সুধিছোঁ। সিহঁত মসানো মতানে তিৰোতা নি?
 সোন্দৰ—মাসেই তিৰোতা। তিৰোতা দেসিন তোন ডেকালৰবোৰ বৈছাই পতি গৈছে আৰু উভটি আহিবেলে মন কৰা নাই। যিহে মাণিকী মাকৰ কড়িয়া যেন মনসোৱা মনসোৱা একোজনী গাভৰু! ডেকামাস গৈয়েই—আহোক ৰণ কৰোক থাওক পৰি—দা সাপতে থাকে, মুসলৈৰ—লাগি চাই থাকোতেই লোকে আহৰি কৰে। আগে পিছে জানো ৰণলৈ তিৰোতা মানুহ যোৱাৰ কথা শুনিছিলি? এইবাৰ সেই দেসিন স্বৰ্গদেৱে গাভৰু সিনিক যাব দিছে। এইবাৰহে কাঠক কাঠে পৰিছে।
 চেংদৈ—পিছেন চোন ডেকাও গৈছে একা!
 সোন্দৰ—গৈছে ভাত পানী ৰান্ধি দিবেলে, লাছনি পাছনি সন কৰি দিবেলে! গাভৰু সিনিয়ে ৰণকে কৰিবনে ভাতকে ৰান্ধিব।
 চেংদৈ—ওঁ তোন! সিহঁতি সদায় একাল সুৱায়েই আছে! এদিন একালে ইহঁতিও সুৱাওক! ভাত ৰন্ধাৰ দুস টো মতা মানুহ সিনিয়ে পানী যেন বুলি ভাবে নহয়! এইবাৰ পাই আহক শোকোতাটো! মই তেনে ওলাওঁয়েই এতিয়ান। চাওঁ মোৰ মঙ্গহ দুসৰিক একোলা লৈ যাওঁ।

[ কেচুৱাটো সোন্দৰৰ হাতৰ পৰা লৈ চুমা খাই আকৌ সোন্দৰৰ হাত দিয়ে ]