পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় দৃশ্য ]
১৭৩
নগা কোঁৱৰ

 মোৰ—চুক্লেন মোৰ—আহ!-গাই গাই—অস্ত্ৰ লৈ আহ! মোক-- হত্যা কৰ হি!

[বুকুত ভুকুৱাই কান্দে ]

 ১ম বিষয়া—স্বৰ্গদেও, হোৱা হৈ গল! এতিয়া কাতৰ হলে যে সমুখৰ কৰ্তব্যলৈ হেলা কৰা হয়।

 চুহু---কৰ্ত্তব্য !ক’তা? এতিয়াও মোৰ পুত্ৰ পুত্ৰবধুৰ কটামূৰ দেখা নাই! সিহঁতৰ কেঁচা তেজৰ গোন্ধ পোৱা নাই।

 ২য় বিষয়া—স্বৰ্গদেও, বিহবল নহব। বিপদত ধৈৰ্য্যই হে সাৰথী!

 চুহু—ধৈৰ্য্য! ধৈৰ্য্য! কিহৰ ধৈৰ্য্য! পাঠানে ৰাজ্য নিব। ক’ত খেলুং! ক’ত চাওফ্ৰাচেংমুং! ক’ত কণচেং? মাতা- মাতা—মই কি? মই ৰজা! তিনিজনা প্ৰবীণ ডাঙৰীয়া থাকোতে মই কি কৰিম! মাতি আন! মাতি আন। পাঠানৰ হাতৰ পৰা ৰাজ্য ৰক্ষা কৰক!

 ২য় বিষয়া-স্বৰ্গদেও, অলপ বিশ্ৰাম কৰক! দুৱৰী! বেজবৰুৱাক এই মুহূৰ্তে গৈ মাতি আন।

 চুহু--হত্যা কৰিম! প্ৰাণদণ্ড দিম! পুত্ৰ পুত্ৰবধুক হত্যা কৰিছে! কাকো নথম! কাকো নথম!

 ১ম বিষয়া-হায়-হায়! কি হ’ল। স্বৰ্গদেও!

 ২য় বিষয়া—কোন আছে! পানী আন! পানী আন!