দ্বিতীয় দৃশ্য
[ স্বৰ্গদেও চুহুং। জনদিয়েক বিষয়া আৰু ওচৰতে কটকী আঠুলৈ থাকে]
চুহু—শুনিলা! শুনিল সভাসদ! শুনিল বিষয়া সকল। ৰণৰ বাতৰি শুনিল! বৰগোঁহাই চাওফ্ৰাচেংমুং হত—ডেকাৰজা চুক্লেন কোঁৱৰ আহত! সৈন্য ছত্ৰভঙ্গ!
ঠিক কৈছা কটকী!—মোৰ চুক্লেন কেঁৱৰ যুদ্ধক্ষেত্ৰত। যুদ্ধ কৰি আহত হৈছে।
কটকী—বন্দীয়ে ঠিক কৈছে স্বৰ্গদেও! ডেকাৰজাই পাঁচদিন অসীম সাহসেৰে যুদ্ধ কৰি প্ৰায় দুশ পাঠান সেনাৰৰ ওপৰ বন্দী কৰিছিল!
চুহু—আৰু মই কি কৰিছে৷ জানা। তাৰ সহধৰ্ম্মিণী—মোৰ সতীলক্ষ্মী পুত্ৰবধুক তাৰ অপৰাধৰ বাবে পতিব্ৰতাৰ পতিভক্তিৰ বাবে প্ৰাণদণ্ড দিছে। মোৰ দ্বিতীয় পুত্ৰক প্ৰাণদণ্ড দিছে। কি চমৎকাৰ বিচাৰ কৰিছে। কোনে কেতিয়া এনে বিচাৰ কৰিছে? পিতা! পিতা! তুমি সতীক নিৰ্বাসন দিছিলা। তাৰ শাস্তি ভুঞ্জিছিলা,-আততায়ীৰ হাতত মৃত্যু। আৰু মই সতীলক্ষ্মীক,ঘাতকৰ কুঠাৰাঘাত হত্যা কৰিছোঁ। মোৰ শান্তি -মোৰ শাস্তি কি? উ-স! কি কৰিলে—আই মোৰ—চুৰেং