পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
[ ৩য় অঙ্ক
নগা কোঁৱৰ

আধা ৰছদ সিহঁতক যোগাওতেই যায়। যুঁজ কৰিবলৈ আহিছোঁ যুজ কৰিম! নাই এঘা দিম নাই এঘা লম। এইখন গলগ্ৰহ খন চপাই মৰাৰ দৰ্কাৰ কি?

 ৩য় সেনা—মোৰ সেয়ে কথা। ৰঙা ঘোঁৰা মেলাইছোঁ। যেতিয়া দে মেলাই, মাজতে আকৌ এইবোৰ কৰি মানুহ খতি। পেঠান যদি কটাৰ পোহঁত বাৰে বাৰে সেকাটো পায় লাজ হোৱা নাই কোদোৰ বাহত টোক্‌-টোকাবলৈ আহ কিয়?

 ২য় সেনা—মই হলে পাই বৰগোঁহাই ডাঙৰীয়া আঁৰ হোৱা যেন দেখিলে দুই এটা থৈ যাওঁ। কিমান সিহঁতক হেঁচুকি ফুৰিবা।

 ১ম সেনা---নথৈনো কি? সিহঁতক নিবা বান্ধি ধৰি—তাৰ ওপৰতে কটাৰ লোহঁতে মৰিলেও মৰ কামোৰ নেৰে। পা সোকোতা টো! একোটাৰ তাৰ ওপৰতে যিহে গাফিলি যেন নেবাবৰ জেঠেৰীয়েকটো হে! মই হলে আৰু, ওহঁ—শোধ নাই। গাফিলি কৰোঁতেই ঘূৰি আৰু এই জনমত গাফিলি কৰিব নলগা কৰি থওঁ।

 ২য় সেনা-নকৰিলেও দেখোন নচলে! এই আমাৰ ডেকাৰজা আহি পোৱা দিন ধৰি ইহঁতৰ যেন উজানহে উঠিছে। এইদৰে হব লাগিলে বপুৰীহঁতক খুৱাওতেই ৰছদৰ ফালে আহৰি হব।

 ৩য় সেনা—অ’ সৌৱা পালেহিয়েই! ব’লহঁত ব’ল!

 ১ম সেনা-ব’ল! ব’ল!