পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭ম দৃশ্য ]
১৫৭
নগা কোঁৱৰ

ডাঙৰ জাপ ভাল নহয় কোঁৱৰ! লাহে লাহেও হব! এতিয়া আপুনি অলপ জিৰাওক কোঁৱৰ! কালিলৈ পুৱাই তো আকৌ যুদ্ধৰ উহুল মুহুল লাগিব, অলপ জিৰাই লওক। ময়ো শো গৈ যাওঁ।

 চুক্লেন—বাৰু যা।

[ চুক্লেন কোঁৱৰ শোৱে আৰু ৰতিমন যাবলৈ ওলায়]

 বতি— [স্বগতঃ ] এনেকৈয়ে যদি কাৰ্য সিদ্ধি হয় মোৰ তো দুয়ো কুল ৰক্ষা হয়। এফালে মোৰ শত্ৰু নিপাত আনফালে হৃদয়ৰ বাঞ্চিত নিধি অন্বেষণ! চাওঁ কি হয়!

[ লাহে লাহে ওলাই যায় ]
—পট পৰে—


অষ্টম দৃশ্য
ৰণস্থল

 [ এজাক বন্দী পাঠান সেনা লৈ কিছুমান আহোম সেনাৰ প্ৰবেশ আৰু প্ৰস্থান। পিছত আকৌ কেটামান আহোম সেনাৰ প্ৰবেশ ]

 ১ম সেনা—এইবোৰ গলগ্ৰহবোৰ হেঁচি ঠেলি লৈ ফুৰিনো কি লাভটো! সিহঁতক আকৌ দেনা জোগা পানী যোগা। দিনটো যুঁজি আহি কামো সেয়েহে আছে। তাতকৈ কটা তৰোৱালবোৰৰ ধাৰ চাবলৈ দিলেই দেখোন হয়!

 ২য় সেনা—এৰা পাই। বৰগোঁহাই ডাঙৰীয়া অহাৰ পৰাহে সিহঁতৰ গাত টোপ পৰিবলৈ নিদিয়া হ'ল। ইফালে আকৌ