পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য ]
১৪১
নগা কোঁৱৰ


ৰণক্ষেত্ৰলৈ যাত্ৰা কৰিব। পাঠানৰ লগত আহোমৰ যি ৰণ লাগিছে, তাত গৈ আত্মপৰিচয় দি বৰগোঁহাই ডাঙৰীয়াৰ ওচৰ চাপিব। তেখেতৰ পাৰ্শ্বচৰ স্বৰূপে হলেও ৰণত আপোনাৰ নিপুণতা দেখুৱাব। পাঠানক দেখুৱাব আপুনি আহোমৰ সুযোগ্য যুৱৰাজ! আপোনাৰ এই অপযশ তেতিয়া নেথাকে নাথ! সকলো আহোম সেনাই আপোনাৰ জয়ধ্বনি কৰিব। স্বৰ্গদেৱে আপোনাৰ অপৰাধৰ কথা পাহৰি যাব।

 চুক্লেন—তোমাৰ কথা পালিবৰ যত্ন কৰিম। আগেয়ে মুকলি হওঁ। •

 হেলা—নহয় নাথ, আগেয়ে প্ৰতিজ্ঞা কৰক! স্বদেশৰ কাৰণে প্ৰাণ পূৰ্ণাহুতি দিম বুলি ওলালে আপোনাৰ মঙ্গল বাদে কেতিয়াও অমঙ্গল নহয়!

 চুক্লেন—প্ৰতিজ্ঞা কৰিছোঁ। তোমাৰ কথা বৰ্ণে বৰ্ণে পালন কৰিম।

 হেলা—তেন্তে এই লওক নাথ। মই আগেয়েই প্ৰস্তুত হৈ আহিছে। আপোনাৰ পৰিচ্ছদ সলাই মোক দিয়ক, এই পৰিচ্ছদ আপুনি পিন্ধক।

[ হেলাই এসাজ ৰিহা মেখেলা চাদৰ চুক্লেনক পিন্ধাই দিয়ে ]

 যাওক নাথ, ঈশ্বৰে আপোনাক নিৰাপদে ৰণক্ষেত্ৰ পোৱাই দিয়ক।

[ চুক্লেনক হেলাই সেৱা কৰে ]

চুক্লেন-তেন্তে, আহে হেলা। লাভৈৰ ঘৰত ঘোঁৰা পামতো।