সকলোতে ব্যৰ্থ হৈ উভটি আহিছোঁ নাথ। যদি এই হত-
ভাগিনীৰ প্ৰাণ দিলেও আপোনাক স্বৰ্গদেৱে মুক্তি দিলেহেঁতেন,
—হেলা তাৰ কাৰণেও প্ৰস্তুত আছিল।
চুক্লেন-তেন্তে কি কোনো উপায় নাই হেলা?
হেলা-মোৰ ডিঙিৰ মুক্তাহাৰ প্ৰহৰীক উপহাৰ দি এবাৰ আপোনাৰ দৰ্শন পাবলৈ আহিছো নাথ। তাতো এক মুহুৰ্তৰ ওপৰ হলে প্ৰহৰীৰ হয়তো ডিঙিৰ ওপৰত মূৰ নেথাকিব! উপায় এটা আছে নাথ কিন্তু কবলৈ সাহ নহয়, জানোছা অভাগিনীৰ প্ৰতি ঘৃণা হয়।
চুক্লেন—কোৱা, কোৱা হেলা কি উপায়। কবলৈ সাহ নহয় কি কৈছা হেলা? কি উপায় কোৱা কোৱা!
হেলা-আপুনি স্বামী গুৰু সাক্ষাৎ দেৱতা। আপোনাৰ কাৰণে মোৰ ক্ষুদ্ৰ প্ৰাণ গলেও মোৰ গৌৰব থাকিব, পত্নী মই মোৰ প্ৰাণ স্বামীৰ সামান্য উপকাৰত লাগিল!
চুক্লেন—জীৱন মৰণৰ এই সন্ধিস্থলত ভণিতা ভাল নেলাগে হেলা, কোৱা কি উপায়!
হেলা—উপায় এয়ে নাথ—আপোনাৰ সেই পৰিচ্ছদ সলাই মোৰ এই হীন পৰিচ্ছদ আপুনি পিন্ধি ওলাই যাওক। প্ৰহৰীয়ে একো নোশোধে ময়ে উভটি গৈছোঁ বুলি ভাবি বাট এৰি দিব। কিন্তু নাথ, বাজ হৈ যদি এই পুৰীৰ ভিতৰত বেছি পলম কৰে তেন্তে ধৰা পৰিবৰ খুব সম্ভাবনা। নগৰৰ বাহিৰত লাভৈ পোহাৰীৰ ঘৰত অশ্ব প্ৰস্তুত আছে। একেবাৰে তালৈ যাব আৰু তাৰ পৰা ঘোঁৰা লৈ কলীয়াবৰৰ ওচৰত