পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
[ ৩য় অঙ্ক
নগা কোঁৱৰ


 লুকু-উঃ! অউ! অউ আবি পালে কাকাটি কলেকৈ আৰু তাৰ দেকি নাপাওঁ বুবু।

[ চকু ঢাকি কান্দে ]

 খুণ-কানিছ লুকু। তুৰ কানিলে আমাৰ মৰিব অমান দুক পায়। নাকানিবি লুকু!

 লুকু-নাকানু বুবু! যাম!

 খুণ-ক'ত যাবি লুকু?

 লুকু—[ আকাশৰ ফালে আঙুলিয়াই ] অউ তাতে যাম বুবু- তাত পৰা অদায় দিন কাকাটি পালে দেকি তাকিম।

 খুণ-লুকু! লুকু! মুকে তুৰ অউ দেনু লকতে মাৰি পেলা লুকু! মাৰ! তাৰ পিছে তুৰ যি মন লাকে কৰি তাক্‌ লুকু!

 লুকু-কাকাটি! কাকাটিক মই বৰ বাল পাওঁ বুবু।

 [ পৰ্বতৰ টিঙৰ পৰা লুকুৱে তললৈ জাপ মাৰি দিয়ে। খুণবাৱে লুকু লুকু বুলি চিঞৰি কোলাকৈ ধৰেগৈ। ]

—আঁৰ কাপোৰ-
⸻⸻