পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য
১৩৩
নগা কোঁৱৰ


শঙ্কটত আপুনি ৰক্ষা নকৰিলে তেওঁৰ যে আৰু কোনো নাই!

 হেলা—স্বৰ্গদেৱে যে ইয়াতকৈও কঠোৰ দণ্ড নিবিহিৰ তাৰ একো নিশ্চয়তা নাই।

 কণচেং—যোৱা আই। স্বৰ্গদেওক কোৱাগৈ মোৰ ঘৰ পোৰাৰ বাতৰিও মই নেজানো। মই সেই কাৰণে অহা নাই। আহিছোঁ, বিষয়ত মোৰ স্পৃহা নাই বুলি, সম্পদ মোৰ ভাল নেলাগে বুলি। যি পুৰিছে তেওঁ মোৰ পৰম উপকাৰী। তোমাৰ স্বামীৰ কোনো অমঙ্গল নহয়। স্বৰ্গদেৱে এই কথা জানিলে তেওঁলোকক অৱশ্যে মুক্তি দিব।

 হেলা—স্বৰ্গদেও আপোনাৰ কাৰণে ব্যাকুল। আপুনি নিজে নগলে কেতিয়াও প্ৰত্যয় নেযায়।

 কণচেং-নিশ্চয় যাব আই। কবাগৈ স্বৰ্গদেওৰ দুই ৰাজকোঁৱৰ মোৰ পৰম বন্ধু। তেওঁলোকে মোৰ হিত বাজে অহিত চিন্তিব নোৱাৰে।

 হেলা—নহয়! দয়া কৰক, এবাৰগৈ নিজে ৰাজধানীত পদাৰ্পণ কৰক! মোৰ সকলো কামনা পূৰ্ণ হব।

 কণচেং-নকৰিবা আই। সেই অনুৰোধ মোক নকৰিবা। যোৱা, ঈশ্বৰে তোমাৰ মঙ্গল কৰিব।

 মূলা-ইমান নিদাৰুণ আপুনি হব নোৱাৰে। আপোনাৰেই কন্যা স্বৰূপ এই অভাগিনীক এবাৰ আই বুলি মাতি কেনেকৈ আকৌ তেওঁৰ বধৰ ভাগী হব।

 কণচেং-স্বেচ্ছায় এবাৰ ৰাজসিক সকলো বাসনা জলাঞ্জলি