কণচেং—কোৱা, স্বৰ্গদেৱেই বা কি অপৰাধত দণ্ড
বিহিছে।
হেলা—অপৰাধ, আপোনাক জীৱন্তে পুৰি মাৰিবৰ উদ্দেশ্যে আপোনাৰ ঘৰত জুই দিয়া।
কণচেং—এই মাত্ৰ! যেয়ে হওক সেই অপৰাধী,-তেওঁ মোৰ পৰম বন্ধু। তেওঁ মোৰ পৰম সুহৃদৰ কাম কৰিছে।
মূলা—আপুনি কি নেজানে ডাঙৰীয়া কোনে আপোনাৰ ঘৰত জুই দিছিল? সকলোৱে জানে আৰু স্বৰ্গদেওৰৰ বিশ্বাস, সেই অপৰাধী কোন আপুনি জানে, আৰু স্বৰ্গদেৰ ওচৰত সেই কথাৰ গোচৰ দিব লাগিব বুলিয়েই,-হয়তো স্বৰ্গদেওৰে পুত্ৰৰ বিপক্ষে স্বৰ্গদেওক গোচৰ কৰিব লাগিব বুলিয়েই, ৰাজ্য এৰি গুচি আহিল। বিশ্বাসী চোৰাংচোৱাই অপৰাধীৰ নাম নকৈ নিজৰ প্ৰাণ দিলে। এইবিলাক সকলে গুণিয়েই, স্বৰ্গদেৱে নিজৰ পুত্ৰকেই দোষী বুলি স্থিৰ কৰি দণ্ড দিছে। সেই দণ্ড ৰহিত কৰিব পাৰে একমাত্ৰ আপুনি।
কণচেং—স্বৰ্গদেৱে ভুল কৰিছে,—যদি স্বৰ্গদেৱে তেনে অনুমান কৰিয়েই দণ্ড দিছে। মই অপৰাধীৰ কথাহে নেলাগে ইমানকে নেজানো যে কোনোবাই মোৰ ঘৰত জুই দিছে। যদি জানিঁলোহেতেন যদি চিনিলোঁহেতেন কোন মোৰ সেই পৰম হিতকাৰী, এবাৰ অহাৰ আগতে তেওঁক বন্ধু বুলি আলিঙ্গন দি আহিলোঁহেতেন।
মূলা—আপোনাৰ হৃদয় অতি উচ্চ, অতি মহৎ। আপুনি বন্ধু বুলিলেই তো ৰজা প্ৰত্যয় নেযাব! মোৰ ভনীটিক এই