পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
১৩১
নগা কোঁৱৰ


 মূলা—আপুনিয়েই নগা কোঁৱৰ। আহোম ৰাজমন্ত্ৰী কণচেং বৰপাত্ৰ গোহাঁইদেও!

 কণচেং-হয়, ময়ে সেই অভাজন।

 মূলা—ডাঙৰীয়া, নাজানি কত অপৰাধ কৰিঁছো! হীন বুদ্ধি নাৰী বুলি যেন মাৰ্জ্জনা কৰে।

 হেলা-জ্যেষ্ঠ আপনি মোৰ পিতাৰ স্বৰূপ! কন্যা বুলি অভাগিনীৰ অপৰাধ মাৰ্জ্জনা কৰক।

[কণচেঙক সেৱা কৰে]

 কণচেং—আৰু মোৰ অপৰাধৰ মাত্ৰা নবঢ়াবা।

 মূলা—অভাগিনীৰ স্বামী বন্দী! আপুনিয়েই অভাগিনীৰ একমাত্ৰ ভৰসা। আপুনি ৰক্ষা নকৰিলে তেওঁৰ আৰু কোনো উপায় নাই। সেই আশাতে বন্দী হৈ সেই সাহতে ভৰ দি ৰাজকুঁৱৰী হৈয়ো শত যন্ত্ৰণা ভোগ কৰি আপোনাৰ সন্ধান কৰি ওলাই আহিছে!

 কণচং—মই কি কৰিব পাৰোঁ? কোঁৱৰসকল বা কি অপৰাধত বন্দী?

 হেলা—অপৰাধৰ কথা শুনিলে আৰু এই অভাগিনীলৈ স্নেহৰ চকুৰে চাব পাৰিবনে? অপৰাধ অতি ভীষণ, সেই অপৰাধৰ মাৰ্জনা নাই। কিন্তু, কন্যা বুলি, অভাগিনী বুলি, মোৰ স্বামীক ক্ষমা কৰক। তাৰ পিছত বিচাৰ কৰক,-স্বামী মোৰ নিৰপৰাখ। স্বৰ্গদেৱে অপৰাধী বুলি দণ্ড দিছে বুলিয়েই লোকৰ চকুত অপৰাধী!