পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি।

 সঙ্গীত বৰ লাগতীয়াল বস্তু। ই মানুহৰ মনক যেনে আচৰিত ভাৱে কোমলাব পাৰে, আন একোৱে তেনেকৈ কোমলাব নোৱাৰে। ইয়াৰ শক্তি অসীম। শত যুজাৰুৱে চোকা দা কটাৰী দেখুৱাইও মানুহ এটাৰ মনৰ যি ভাৱ সলোৱাব নোৱাৰে, জ্ঞানীসকলৰ অশেষ মূল্যবান বুজনিয়েও তাৰ মনৰ যি ভাৱ পৰিবৰ্ত্তন কৰিব নোৱাৰে, সঙ্গীতে সহজেই সেই মানুহৰ মনৰ সেই ভাৱ আচৰিত ৰূপে সলোৱাই দিয়ে। ই ৰজাক ৰাজপাট এৰুৱাই ভিখাৰী কৰে, জ্ঞানীক অজ্ঞানীত পৰিণত কৰে, ধুনীয়াৰ ধুন ছন কৰে, গুণীৰ গুণ মাৰ নিয়ায়। যেতিয়া নিজম ঠাইত, দুপৰীয়৷ বা মাজনিশা আমি একে মনে সঙ্গীত শুনি থাকোঁ, যেতিয়া গাওঁতাৰ সুমধুৰ মাতে গোটেইখন ঠাই প্ৰতিধ্বনিত কৰি লাহে লাহে আকাশলৈ উঠি আকাশ-সাগৰ খল কনি লগায়, তেতিয়া আমি নিজৰ অস্তিত্ব পাহৰি জড় বস্তু এটাৰ নিচিনা হৈ পৰোহঁক। জ্ঞান বুদ্ধি শূন্য হই তেতিয়া আমি একে লালিয়ে সঙ্গীত সুধাহে পান কৰি থাকোঁ। আমি যিমান কাঠচিতীয়া হওঁ নহওঁ, সঙ্গীতৰ কৰুণভাৱে আমাক তেতিয়া হুক্‌ হুক্‌কৈ কন্দুৱাই পেলায়। নৈৰ সোঁতত খৰিকা এডালৰ দৰে সঙ্গীতৰ ভাব-সোঁতত আমি উটিগৈ থাকোঁ। তেতিয়া পৃথিবী পাহৰি যাওঁ, স্বৰ্গ পাহৰি যাওঁ, নৰক পাহৰি যাওঁ, মুঠতে, সেই সঙ্গীতেইহে কাণত বাজি থাকে। সঙ্গীতে আমাৰ কঠুৱা