পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )

সুৰভি শীতল জল পুষ্প জাতিস্কাৰ।
বিচিত্ৰ পতাকাধ্বজ প্ৰকাশে বিস্তৰ॥
নানা বাদ্য ভাণ্ডে সেনা কৰে হুলস্থূল৷।
হয় হস্তী ৰথ ৰথী শব্দে তমৰুল॥
কোটি সূৰ্য্য সমজলে নগৰ প্ৰধান।
মহাযত্নে বিশ্বকৰ্ম্মে কৰিলা নিৰ্ম্মাণ॥
স্থানে স্থানে শোভে দণ্ডছত্ৰ সিংহাসনে।
চলে নৃপতিৰ কাছে পাত্ৰ মিত্ৰগণে॥
বস্ত্ৰ অলঙ্কাৰে পুষ্পে শোভে নৰ নাৰী৷
মধুগন্ধে ভ্ৰমৰা গুঞ্জৰে সাৰি সাৰি॥
হেনয় হস্তিনাপুৰি ভাৰত বৰিষ।
পূৰ্ণিমাৰ চন্দ্ৰ যেন শোভে দশোদিশ॥
পৰম আনন্দে ধৰ্ম্মে চাহিল বিচাৰি।
গোলোক বৈকুণ্ঠ হেন বুলিবাক পাৰি॥
পুত্ৰৰ বৈভব দেখি ভৈলা আনন্দিত।
অনন্তৰে সিংহদ্বাৰে ভৈলা উপস্থিত॥
সেহি বেলা দ্বাৰত আচন্ত বৃকোদৰ।
ছদ্মৰূপে ধৰ্ম্মে পাছে বুলিলা সত্বৰ॥
কহিয়োক দ্বাৰি ইটো নগৰ কাহাৰ৷
স্বৰ্গত অধিক বৈকুণ্ঠৰ সমসৰ॥