পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৬ )


শুনা বুদ্ধজন দোষ নিদিবাহা আৰ।
মতি অনুসাৰে মই ৰচিলো পয়াৰ।
বঢ়া টুটা দোষ যদি পদত আছয়।
অল্পমতি জানি তাক ক্ষেমাক জুৱায়।
হৰি ভকতৰ গুণ শুনা কৰ্ণভৰি।
তপ জপ তীৰ্থ স্নান নোহে আকসৰি।
যতেক সংসাৰ দেখা যেন ছাইৰ জৰি।
মায়া মোহে মৰে মিছা মোৰ মোৰ কৰি।
মোৰ ধন মোৰ বস্তু মোৰ নিজা দেহা।
মোৰ জন মোৰ পুত্ৰ মোৰ ধন গেহ।
এই মতে ভাবে যেবে জানা নৰাধম
হৰিক চিন্তয় যিটো সেহিসে উত্তম।
এতেকে চিন্তিয়ো যাতে হৱে মোক্ষকাম
খণ্ডোক আপদ ডাকি বোলা ৰাম ৰাম।

সমাপ্ত