পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩১ )

বাৰ বচৰীয়াৰ যজ্ঞ ভৈলন্ত বিফল।
মোক অপমানে গৈলা ব্ৰাহ্মণ সকল।
পাপিষ্ঠক সম্ভাষা কৰন্তে গৈলা বেলি।
সিকাৰণে দ্বিজগণ গৈলা অৱহেলি।
পাপিষ্ঠ চাণ্ডালে বুলিলেক নিন্দাবাক।
সিকাৰণে দ্বিজগৈলা ত্যজিয়া আমাক।
মায়াবী চাণ্ডালে পাছে বুলিলা বচন।
শুনা শুন শুনা ৰাজা কুৰু কুলৰ নন্দন।
অকাৰণে দোয তুমি দি আছা আমাক।
বিচাৰি চাহিলে দোষ কেৱলে তোমাত।
স্নান যজ্ঞ কৰা ইটো মাতঙ্গৰ কৰ্ম্ম।
অধৰ্ম্ম আচৰি আগে পাছে কৰা ধৰ্ম্ম।
যজ্ঞে কি কৰিতে পাৰে সংসাৰ খণ্ডিত।
ভাবিচোৱা ৰাজা তুমি আপুনি পণ্ডিত।
তযুবৰে আসি মই ভৈলো অভ্যাগত।
নহওঁ পাপিষ্ঠ মই ইমান কৰ্ম্মত।
পাপিষ্ঠ লক্ষণ ৰাজা শুনিয়ো সাক্ষাত।
সত্যে সত্যে কহোঁ দোষ নিদিবা আমাত।
সংক্ৰান্তিক আদি কৰি মহা পৰ্ব্বচয়।
নিৰামিষ সামীষক জপাই ভুঞ্জয়।