পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩০ )

বৈসম্পায়ন বদতি শুনিয়ো জন্মেজয়।
হেন শুনি মৌন ভৈলা কুন্তীৰ তনয়।
যজ্ঞ শালা মাজে যত আছিলা ব্ৰাহ্মণ।
চাণ্ডালৰ বাক্য শুনি গৈলা তেতিক্ষণ।
যুধিষ্ঠিৰ নৃপতিৰ যজ্ঞ ছন্নকৰি।
ভয়তে ব্ৰাহ্মণ গণ গৈলা ঘৰা ঘৰি।
যজ্ঞ শালে নৃপতি চলিলা তেতিক্ষণ।
লগতে চলিলা আৰু পাত্ৰ মন্ত্ৰিগণ।
দেখে যজ্ঞ শালাত নাহিকে দ্বিজগণ।
ক্ৰোধে যুধিষ্ঠিৰে পাছে বুলিলা তেখন।
কিনো আজি আমাৰ দুৰ্দ্দিন আসি ভৈলা।
মোৰ যজ্ঞ এৰি দ্বিজগণ পলাই গৈলা।
নিত্য শ্ৰাদ্ধ কৰিতে নাপাইলোঁ এতিক্ষণ।
ইথানত ব্ৰাহ্মণ নাহিকে একোজন।
কিয় মোৰ বিধাতা মিলাইলা বিসঙ্গতি।
কেন মতে যজ্ঞ সাঙ্গ কৰিবোঁ সম্প্ৰতি।
আৰম্ভিলোঁ যজ্ঞ ময় দ্বাদশ বৎসৰ।
আজি আসি ভৈলা পূৰ্ণা হুতিৰ বাসৰ।
আহুতি নিদিলে দেৱৰ হৈবোঁ ঋণী৷
পাপীষ্ঠ ছাণ্ডালে আসি পাতিলা বিঘিনি॥