পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

অভ্যাগতে বোলে শুনা পাণ্ডুৰ নন্দন।
মহা বুদ্ধিমন্ত সিটো জ্ঞান পৰায়ণ॥
পৰম দয়ালু সিটো লোকে কুটুম্বিতা
জ্ঞান পৰায়ণ জ্ঞানে ভৈলা তাৰ পিতা॥
বুদ্ধিমন্ত তাহাৰ বুদ্ধিয়ে ভৈলা মাৱ।
মাতৃত অধিক জ্ঞান বুদ্ধিৰ প্ৰভাব॥
কুটুম্বিত গুণেতাৰ সুহৃদ সোদৰ
দয়ায়ে ভগিনী তাৰ জান নৰেশ্বৰ॥
কি কাৰণে সিটোজনে পাইবে মহাদুখ
যৈকে যাই তৈতে তাৰ মিলে মহাসুখ॥
নৃপতি বোলন্ত আৰো মিলিলা সংশয়।
কিবা কৰ্ম্ম কৰি লোক সুখী দুঃখী হয়॥
পুনু পুনু মাতৃৰ গৰ্ভত লৱে বাস।
নতু বাজহন্তে কেন হোৱন্ত বিনাশ॥
কতোহো জীৱন্তে বাজ হোৱে গৰ্ভহন্তে
সম্যকে মৰয় স্তন পিবে নপাৱন্তে॥
সত্বৰে কহিয়ো মোত ইহাৰ কাৰণ।
শুনিয়ো চাণ্ডালে পাছে বুলিলা বচন॥
দেৱক নুপুজে আপুনিসে ভোগ কৰে।
জন্মান্তৰে মহা দুঃখী হোৱে সেহি নৰে॥