পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী

এই কৰ্ম কেৱল চান্দকে কৰিব লাগিব। চান্দকে ক’লে গুৰুদেৱ আপুনি কলে সন্তানৰ হাতেৰে বাইদেৱে আহাৰ গ্ৰহণ কৰিব কিন্তু মই তাইৰ ভাতৃ তেনেস্থলত।

 শুন বাচা, সুজাতাৰ এই ব্ৰত সিদ্ধি কৰাৰ বাবে তুমি সুজাতাক মা সম্বোধন কৰিব লাগিব। তাই তোমাৰ মা নহলেও জাতিত তাই মাতৃ। নাৰী সকলোৰে মাতৃ, তেনেস্থলত সুজাতাক তুমি মা বুলি মাতিলে কোনো ধৰণৰ পাপ বা ভুল হ’ব নোৱাৰে। বৰং মাতৃ জাতিক সন্মান জনোৱা হ’ব॥ শুনা বাচা আজিৰ পৰা তিনিমাহ পিছত উত্থান একাদশী তিথি মিলিব। সেই একাদশী তিথিত সুজাতাৰ ব্ৰত সিদ্ধিৰ নিৰ্দিষ্ট সময়। গতিকে অহাকালিৰে পৰা তুমি সুজাতাৰ ওচৰলৈ আহাৰ গ্ৰহণৰ বাবে যাব লাগিব। মনত ৰাখিবা বৰ্ত্তমান সুজাতাৰ জিহ্বা মোৰ শাপত অলৰ অচৰ হৈ আছে গতিকে প্ৰথমে সপ্তদিন বটগছৰ শিপাৰে সুজাতাৰ মুখত জলাহাৰ কৰাব লাগিব। সাত দিনৰ পিছত তেওঁৰ জিভাৰ জ্বৰতা দুৰ হ’ব। এসপ্তাহ কৰাব লাগিব ফলাহাৰ, তাৰ পিছত তেওঁ হবিচান্ন গ্ৰহণ কৰিবো পাৰিব। কিন্তু চাবা মা বুলি আহাৰ নিদিলে তোমাৰ চেষ্টা অথলে যাব। একাদশী তিথিৰ দিনাখন অন্ন গ্ৰহণ কৰিবলৈ নিদিবা। মধ্যৰাত্ৰী ব্ৰহ্মচাৰিণী পাদোদকৰে সুজাতাই ব্ৰত সমাপ্ত কৰিব। প্ৰাতঃকালত সুজাতাক তুমি পূৰ্ণাংঙ্গ শৰীৰত দেখা পাবা মধ্যাহ্ন কালৰ আহাৰৰ পিছত তুমি সুজাতাক ভাতৃ হিচাবে তোমাৰ পৰিচয় দিব পাৰিবা, নই কাৰণ সিদিনা সুজাতাই নতুন জন্ম অনুভৱ কৰিব। অতীতবোৰ সুজাতাৰ জ্ঞান চকুৰ পৰা আঁতৰি যাব। কিন্তু সাৱধান চাৰি ভাতৃলৈ আকৌ এবাৰ সাৱধানবানী নাৰী স্পৰ্শ নকৰিবা।

 গুৰুদেৱ আপুনি অভিশাপৰ লগে লগে এক জ্ঞানৰ ভাণ্ডাৰৰ