পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী

আৰু কন্যাজনী ঘৰলৈ লৈ গ'ল। চণ্ডাল ভূপশৰ ঘৰত তাই লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। এইজনীএ চণ্ডাল কন্যা সুজাতা। এদিন সুজাতাক নিঠৰুৱা কৰি ভূপশৰ মৃত্যু হ’ল। অসাহয়া সুজাতা নিজক নিজে পৰিচালনা কৰিছিল। এইদন তোমাৰ পিতৃ ঘৰলৈ ঘূৰি আহি ঘৰৰ ঠাইত এখন শ্মশান দেখি বিফল মনোৰথ হৈ আন ক’ৰবালৈ গুচি গ'ল। তাৰ পিছত তোমাৰ পিতাই দ্বিতীয় বিবাহ কৰাইছিল। যিজনীৰ মাৰ পৰা তোমালোক চাৰি ভাই শৈবিক, কৌশত, বিপাশ আৰু তুমি চান্দক। পিতৃ সূত্ৰে সুজাতা তোমালোকৰ ডাঙৰ ভনী। গতিকে চান্দক তুমি জ্যেষ্ঠ ভগ্নীৰ দায়িত্ব গ্ৰহণ কৰা। আজি যোৰশ বছৰ কাল সুজাতাই অনাহাৰ-অনিদ্ৰাই দেৱী দুৰ্গাক ব্ৰহ্মচাৰিণী ৰূপত ধ্যান কৰি আছে। আজিয়ো মাজনিশা গণ্ডকীৰ গভীৰ জলত স্নান কৰিবলৈ যাব, দিব্য চকুৰ সহায়ত। চাণ্ডক সুজাতাৰ ষোষা বছৰ কাল পূৰ্ণ হ’বলৈ তিনিমাহ বাকী আছে। এই তিনিমাহৰ ভিতৰত তাই পুত্ৰৰ হাতেৰে অন্ন গ্ৰহণ নকৰিলে তাইৰ ব্ৰত বিফল হৈ যাব। কিন্তু চান্দক সুজাতা পুত্ৰহিনা, তাই আমাৰ যুগ্মজীৱনত সাক্ষীৰূপে এটি পুত্ৰ কামনা কৰিছিল। কিন্তু সেইয়া সম্ভৱ হোৱা নাছিল কাৰণ সেই অৱস্থাত সুজাতা আছিল অকুমাৰী। মোৰ ভয় হৈছে চান্দক কিজানি সুজাতাৰ ইমান দিনৰ কষ্ট এনেয়ে যাব।

 চাৰ ভাই একেলগে ক’লে হে গুৰুদেৱ তেনেহ'লে কেনেদৰে আমি জ্যেষ্ঠ ভগ্নীৰ মনৰ কামনা পূৰ্ণ কৰিব পাৰিম। আমাক সেই উপদেশ দিয়ক। অশ্বনিধী কলে তোমালোক তিনিজনে এই কাম কৰিব নোৱাৰিবা কাৰণ এই কৰ্ম বৰ কষ্টকৰ। আনহাতে তোমালোক তিনিয়োজনে নাৰী স্পৰ্শ কৰিলে তোমালোকৰ বিপদ হ’ব। সেয়েহে