পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

দাদা সকলতকৈ সৰ্বজ্ঞান প্ৰাপ্ত হ’বা। তোমাৰ জ্ঞান হ’ব ভগৱান প্ৰদত্ত আৰু শুনা চান্দক পক্ষীৰ জন্মত তোমাৰ তিনি ভাতৃ ক্ৰমে শৈবিক, কৌশত আৰু বিপাশে জ্ঞান লাভৰ বাবে তপশ্ৰী মুনিৰ আশ্ৰমত হিমালয়ৰ সপ্তম শৃঙ্গত দিব্য জ্ঞান লাভৰ বাবে হেজাৰ বছৰ তপস্যা কৰিব লাগিব। কিন্তু তোমাৰ দিব্যজ্ঞান হ’ব মোৰ বৰত। শেষত তুমি তেওঁলোকৰ দিব্যজ্ঞান লাভৰ পিছত তপ্ত তৈলাশয়ত অগ্নিগৰ্ভা ব্ৰত পালন কৰি জ্ঞানৰ সৰ্বোশ্ব শৃংগত আৰোহন কৰিবা পাৰিবা। শুনা পণ্ডিত আজি চান্দকৰ বাবে মোৰ ধৰ্ম আৰু জাতি তোমাৰ কুটিল চক্ৰান্তৰ পিছতো ত্ৰিকালজ্ঞ অশ্বনিধি তোমাৰ একো ক্ষতি নকৰিলে। এয়া তোমাৰ বাবে সৌভাগ্য। চান্দক অগ্নিগৰ্ভা ব্ৰতৰ কিছু কথা মই তোমাক বুজাই কম তুমি শুনা। তুমি যি কঠিন ব্ৰত কৰিব খুজিছা তাৰ আগেয়ে তুমি কিছু জ্ঞান আহৰণ কৰিব লাগিব। অগ্নিগৰ্ভাব্ৰত পালনৰ পূৰ্বে তুমি নাৰী সঙ্গ ল’ব লাগিব নহ’লে তোমাৰ নৱম চিত্ৰৰ এক চিদ্ৰ ৰুদ্ধ নহ’ব।

 মই তোমাক উপদেশ দিও শুনা- তুমি অৱশ্যে নাৰী সঙ্গ লব লাগিব, কেনেকৈ নাৰী সঙ্গ পোৱা সেইয়াও মই বুজাই কম। বেঙ্কত নামৰ মুনি এজনে এদিন নিজ কমণ্ডলুৰ মন্ত্ৰপুত জল লৈ নিজৰ শিৰত দিয়াৰ পিছত তেওঁৰ দেহত অষ্টভুজ হব আৰু সিদিনাৰ পৰা তেওঁৰ নামৰ হ’ব অষ্টবক্ৰ মুনি। এই অষ্টবক্ৰ মুনিৰ দেহেৰে বৈ অহা পানীৰ এটা সৰু জলাশয়ৰ সৃষ্টি হ’ব সেই জলাশয়ত তুমি হৰিত্বা হৰিত্বা বুলি তিনিবাৰ উচ্চাৰণ কৰি স্নান কৰিবা। তাৰ পিছত তুমি দেখিবা তুমি পক্ষী নহয় তুমি এজন দিব্যৰূপী পুৰুষ। জলাশয়ৰ ওচৰত তুমি দেখিবা তোমাৰ বাওঁফালে এজনী গন্ধৰ্ব কন্যা নাম