পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

হাতেৰে অন্ন গ্ৰহণ কৰিব খুজিছিল মই তেতিয়া নিৰূপাই হৈ মোৰ শিষ্য বিপাশাক ব্ৰাহ্মণ কন্যা সজাই অন্ন ৰান্ধিবলৈ আদেশ কৰিছিলোঁ। আশ্ৰম আৰু শিষ্য সকলৰ কথা ভাবি মই এই গঢ়িত কৰ্ম কৰিলো গুৰুদেৱ। আমাক আপুনি ক্ষমা কৰক। নহয় পণ্ডিত তুমি মোক যি প্ৰতাৰণা কৰিলা তাৰ ফল তুমি ভোগ কৰিব লাগিব। আৰু শৈবিক তোমাক মই আজি অভিশপ্ত কৰিম তোমাৰ বুদ্ধিমতে পণ্ডিত বৌধিমিত্ৰই তোমাৰ ভাতৃক ব্ৰাহ্মণ কন্যাৰ ৰূপ দিছিল আৰু শুনা শৈবিক মই তোমাৰ সকলো কথা জানো। মই খাব খুজিছিলো বিষাক্ত সৰ্প, তুমি আনি দিছা জলজ কুছিয়া। গতিকে তুমি শুনা ইয়াৰ পিছৰ জনমত পণ্ডিত বৌধিমিত্ৰ শুক্ৰিশ মুনিৰ ৰূপে জন্ম ল’বা আৰু তোমালোক হবা তেওঁৰ পুত্ৰ। ইয়াতো তোমালোকে নাৰী সঙ্গ নাপাবা কাৰণ তুমি চলনা কৰি পুৰুষক নাৰী সজাইছা। সেয়েহে এই জনমতো তোমালোকে নাৰী সঙ্গ নেপাবা। এই জন্ম তোমালোকৰ বেছি দিনৰ বাবে নহয়। মোক যেনেকৈ তোমালোক আটায়ে প্ৰতাৰণা কৰিছা তেনেকৈ তোমালোকক দেৱতাই প্ৰতাৰণা কৰিব ফলত তোমালোকৰ পিতৃ তোমালোকক অভিশপ্ত কৰিব। পিছত জনমত পক্ষীৰ ৰূপেৰে জন্ম গ্ৰহণ কৰাৰ বাবে। শুনা শৈবিক আজি যদি মই এই আহাৰ গ্ৰহণ কৰিলোহেঁতেন তেনহ’লে মই তিনি চন্দাল কুলত জন্ম ল’ব লগা হ'লহেঁতেন। কাৰণ তোমালোকৰ মাতৃৰ মৃত্যুৰ অশৌচ শেষ হোৱা নাই। মোক এই অৱস্থাত যদি ব্ৰতৰ শেষান্তৰ আহাৰ বিপাশৰ হাতেৰে গ্ৰহণ কৰা হ’লহেঁতেন তেনেহ’লে মোৰ ইমান যুগৰ সাধনা শেষ হৈ গ’লহেঁতেন। চান্দক আজি তুমি মোক কুলত্যাগ ধৰ্মত্যাগৰ পৰা ৰক্ষা কৰিলা সেয়েহে মই তোমাক বৰ দিলো তুমি তোমাৰ