পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

গভীৰতম্ বৌদ্ধিক বিন্যাসে তত্বৰ আচল ৰূপ বিকাশ কৰে। ৰেণুকাৰ নাৰী প্ৰবৃত্তিক উপলব্ধি নকৰি স্বামী যমদগ্নী অহৈতুক ক্ৰোধৰ সঞ্চাৰ কৰি, ব্ৰহ্মাজ্ঞানী মুনিক ঋপুক দমন নকৰি বৰং নিজক ব্ৰহ্মহত্যাৰ পৰা আঁতৰাই লৈ গ'ল। ব্ৰহ্মজ্ঞানী যমদগ্নী চন্দাল সদৃশ হৈ পৰিল। পাহৰি গল মায়াময় জগত, পাহৰি গ’ল চেনেহৰ ভাৰ্য্যা, পাহৰি গ’ল পুত্ৰ। ৰেণুকাৰ গৃহ প্ৰৱেশে জমদগ্নীৰ ক্ৰোধৰ হোমাগ্নীত ঘৃতাহুতি প্ৰক্ষেপ কৰিলে। চিৎকাৰ কৰি উঠিল পুত্ৰ সকল। কোনে পাৰা মোৰ সন্মুখত মাৰাৰ শিৰচ্ছেদ কৰি দিয়া। এনেকুৱা দ্বিশ্বাৰিনী নাৰীৰ সম্পৰ্কই সকলোকে কলুশিত কৰে। নাৰী হত্যা মহাপাপ বুলি জানিও ক্ৰোধ আৰু অজ্ঞানতাৰ দ্বাৰা আক্ৰান্ত হৈ নিজ পুত্ৰক এই পাপৰ পথেৰে গতি কৰিবলৈ পিতৃৰ কেনে দাৰুন আদেশ।

 পৰশুৰামে পিতৃৰ আদেশ শিৰধাৰ্য্য কৰি মাতৃৰ শিৰচ্ছেদ কৰিলে। পিতৃ তুষ্ট হ’ল, কিন্তু মাতৃ। এতিয়া যমদগ্নী এই পাপৰ পৰা নিজ পুত্ৰক তেওঁৰ ব্ৰহ্মজ্ঞানেৰে উদ্ধাৰ কৰিবলৈ পাৰিবনে। অজ্ঞান পিতৃৰ ব্ৰহ্মজ্ঞানে পুত্ৰক মাতৃহত্যা মহাপাপৰ পৰা পৰিত্ৰাণ কৰাৰ পথ অজ্ঞানতাই যমদগ্নীৰ ব্ৰহ্মচৰ্য্যৰ অপমৃত্যুৰ কাৰক হ’ল। পৰশুৰামে পিতৃস্নেহৰ আৱেগত স্নেহৰ অন্ধতাৰ তত্বক উপলব্ধি নকৰি জ্ঞানশূন্য নীচ কাম কৰিলে। হাতৰ কুঠাৰ মাতৃ হত্যাৰ সাক্ষী। পৰ্বতে-পাহাৰে, হাবি-জঙ্ঘলে লৈ ঘুৰি ফুৰিছে পৰশুৰামে। আকাশ, বতাহ, চৰাই- চিৰিকতি, জোন-বেলি সকলে যেন পৰশুৰামৰ মুখ দেখি ঘৃণাত মুখ চৰাইছে। বছৰৰ পিছত বছৰ অবিৰাম গতি কক্ষচ্যুত গ্ৰহৰ দৰে পৰিধিহিন যাত্ৰা। অন্তৰত নিজৰ প্ৰতি বদান্যতা, পিতৃৰ প্ৰতি ঘৃণা আৰু বৰ্ত্তমান তথা ভবিষ্যতে ক্ষমা নকৰাৰ ভয়। ভাব হয় পিতৃ প্ৰদত্ব