পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

বতৰা আপোনাক দিব খুজিছো আপুনি চিন্তা কৰি চাব। তুমি কি ক’ব খুজিছা ৰাণী। মহাৰাজ কন্যা ইতিমধ্যে কৰ্ণবীৰৰ প্ৰতি আসক্ত গতিকে আপুনি এবাৰ....। অসম্ভৱ, দ্ৰৌপদী হয়তো নেজানে যে তাইৰ প্ৰিয় কৰ্ণ সুতপুত্ৰ। গতিকে দ্ৰৌপদীক বুজাবা? মোৰ বংশৰ মান মৰ্য্যাদা জলাঞ্জলী দি মই সুত পুত্ৰ কৰ্ণৰ হাতত এক মাত্ৰ কন্যাক তুলি দিব নোৱাৰিম। ৰজা ৰাণীৰ অজ্ঞাতে দ্ৰৌপদী এই সকলো কথা শুনি আছিল। এফালে দ্ৰৌপদীৰ মনে প্ৰাণে ভাল পোৱা কৰ্ণৰ প্ৰতি দ্ৰুপদ ৰজাৰ বদান্যতা আনফালে দ্ৰৌপদীৰ হিয়াৰ আমঠু কৰ্ণক হেৰুওৱাৰ ভয়। বংশমৰ্য্যাদা, উচ্চ-নীচ, প্ৰেম কোন শ্ৰেষ্ঠ। ইমান দিনে কৰ্ণৰ প্ৰতি হিয়া উজাৰি দিয়া এই প্ৰেম? কিয় কৰ্ণই এবাৰো তাইক নকলে যে তেওঁ সুত পুত্ৰ। তাই নিজে এবাৰো কিয় কৰ্ণৰ আচল পৰিচয় ল’ব নিবিচাৰিলে। অসংখ্য প্ৰশ্নই দ্ৰৌপদীৰ মন ভাৰাক্ৰান্ত কৰি তুলিলে।

 নহয় পিতৃ-মাতৃৰ অজ্ঞাতে তাই কৰ্ণৰ ওচৰত আত্ম সমৰ্পণ কৰিব নেকি? জন্ম দাতৃ পিতৃ-মাতৃৰ হৃদয়ত বজ্ৰাঘাট কৰি মান মৰ্য্যাদা সকলো জলাঞ্জলি দি এনে কাম কৰিলে তাই ক্ষমাৰ যোগ্য হবনে? দোদুল্যমান মনেৰে দ্ৰৌপদী বিচনাত পৰি আকাশ-পাতাল গণিবলৈ ধৰিলে। সৌন্দৰ্য্যৰ বীৰত্ব প্ৰভুত্ব আৰু অৰ্থৰ প্ৰভাবেতো নাৰীৰ মন আকৰ্ষণ কৰে। তেনেহ’লে মোৰ ভুল ক’ত, কি কৰো? নহয় মই সময়লৈকে অপেক্ষা কৰিব লাগিব। কথা মতে কাম ৰজা দ্ৰুপদে ৰাজ্যত প্ৰচাৰ কৰি দিলে দ্ৰৌপদীৰ সয়ম্বৰৰ কথা নিমন্ত্ৰণ জনোৱা হ’ল চুবুৰীয়া ৰাজ্য সমূহৰ ৰজা, ৰাজপুত্ৰ, মন্ত্ৰীপপুত্ৰ, ধনী সদাগৰ সকলোকে। সময়ত আৰম্ভ হ’ব সয়ম্বৰ। সুতপুত্ৰ কৰ্ণক সভাত আসন