পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

পুৰুষজনৰ আগত দেখা দি ক'লে- তুমি সিদ্ধি লাভ কৰিছা গতিকে তুমি সৃষ্টি কৰিব পাৰিবা। তুমি মোৰ বাক্য অনুশৰণ কৰা। তেতিয়া পুৰুষজনে ক’লে পুৰুষ প্ৰকৃতিৰ মিলন অবিহনে জীৱৰ জন্ম হ’ব নোৱাৰে গতিকে তুমি মোৰ লগত কাম কলাত ৰত হোৱা। মহামায়া ক্ৰোধত জ্বলি উঠিল। কি ক’লা তোমাৰ বাক্যত পাপৰ সঞ্চাৰ হৈছে। মই তোমাৰ মাতৃ। মই তোমাক জন্ম দিছো। তেনেস্থলত...। তেনেহ’লে শুনা সিদ্ধিলাভ কৰিলেও তোমাৰ অন্তৰ পবিত্ৰ হোৱা নাই গতিকে তুমি পাপ খণ্ডনৰ বাবে মানুহ ৰূপে জন্ম ল’ব লাগিব। তোমাৰ মুখৰ পৰা যি বাক্য প্ৰকাশ কৰিছা তাৰ বাবে মানৱ জন্মত কাৰ বনীতাৰ লগত কেলি কৰিব লাগিব। এদিন তোমাৰ মৃত্যু হ’ব। পুৰুষজনে ক’লে- মই বুজিলো তুমি মহামায়া তুমি প্ৰকৃতি। তোমাত বাহিৰে আন প্ৰকৃতি নথকাত সৃষ্টিৰ আহিলা হিচাবে মই তোমাক কামনা কৰিছো তাৰ বাবে তুমি মোক অভিশপ্ত কৰিলা। বিনা কাৰণত মোক অভিশপ্ত কৰা বাবে তোমাকো মই অভিশপ্ত কৰিম। তুমি যিয়েই নহোৱা আজিৰ পৰা তুমিয়ো কামকলা বৰ্জিত ময়ুৰীৰ ৰূপ ধাৰণ কৰিব লাগিব। মহামায়াই ক'লে- তোমাৰ অভিশাপত মই আজিয়েই

ময়ুৰীৰ ৰূপ ধাৰণ কৰিম আৰু শুনা মোৰ পুশ্বপাখী তোমাৰ মুৰত নাথাকিলে তুমি পৰিচয়হিন হবা। পুৰুষজনে সুধিলে মোৰ কামনা...। মহামায়াই ক’লে- পাবা দ্বাপৰ যুগত তুমি দৈৱকী বসুদেৱৰ ঘৰত জন্ম লাভ কৰিবা। নন্দ যশোদাৰ ঘৰত ডাঙৰ হ’বা। বহুজনে তোমাৰ স্পৰ্শত মুক্তি পাবলৈ তোমাক বৈৰী ৰূপে কামনা কৰি আছে। সিহঁতক তুমি মুক্তি দিবা। বৃষভানু ৰজাৰ ঘৰত ৰাধা নামেৰে মোৰ জন্ম হ’ব। তেতিয়া তোমাৰ মনোবাসনা পূৰ্ণ হ’ব বুলি কৈ মহামায়াই ময়ুৰী

৩৫