পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

হোৱাৰ সময়ৰ হিচাব কাৰো হাতত নাই। সৃষ্টি নাই। সৃষ্টিত আন কোনো নাই। জীয়াই আছে এজন। মায়া অবয়ব দেখা নেযায়। ধুম্ৰ আকৃতি হৈ আকাশ মাৰ্গত, বিচৰণ কৰি আছিল মায়া। এদিন তেওঁ ভাবিলে নতুনকৈ সৃষ্টি কৰিব লাগিব। সৃষ্টি অবিহনে স্ৰষ্টাৰ অস্তিত্ব বিন্যাস কৰিবলৈ কোনো নাই। চিন্তা কৰি মহামায়াই এজন ক্ষুদ্ৰ আকৃতিৰ পুৰুষক জন্ম দিলে আৰু লগে লগে জলপূৰ্ণ পৃথিৱীলৈ পেলাই দিলে। ক্ষুদ্ৰাকৃতি পুৰুষজন তলৌ তলোঁকৈ পানীৰ মাজত ভাহি ফুৰিবলৈ ধৰিলে। পানীৰ মাজত পুৰুষজনৰ অলাই-অথানি দেখা পাই মহামায়াই এটি আঁহত গছৰ পাত তলত পেলাই দিলে। আহত গছৰ পাতটো দেখি নৱজাতকে বৰ আদৰেৰে পাতটোৰ ওপৰত উঠি বিচৰণ কৰি থাকিল। এনেদৰে দিনবোৰ গৈ আছে। ইতিমধ্যে পুৰুষজনৰ কলেবৰ স্থুলৰূপত প্ৰকাশ হৈ আহি আছে। এদিন তেওঁ ভাগৰুৱা হৈ পত্ৰশয্যাত শয়নত পৰিল। তেনেদৰে বহুদিন পাৰ হোৱাৰ পাছত এদিন আকাশ মাৰ্গৰ পৰা কাৰবাৰ নাৰী কন্ঠস্বৰ ভাহি আহিল। জাগি উঠা, মই তোমাক বিশ্ৰাম কৰিবলৈ জন্ম দিয়া নাই। তুমি সৃষ্টিকৰ। লয় হোৱা সৃষ্টি তুমি পুনৰ কৰিব লাগিব। তেতিয়া পুৰুষজনে ক’লে মই অজ্ঞ, মই এইবোৰ একো নাজানো। তেতিয়া পুনৰ চাৰিফালৰ পৰা চাৰিটা শব্দ তপ, তপ, তপ, তপ। বহুসময় চিন্তা কৰাৰ পিছত তেঁও বুজিলে তপ অৰ্থাৎ ধ্যান কৰিবলৈ আদেশ দিয়া হৈছে। লগে লগে তেওঁ তপ আৰম্ভ কৰিলে। বহু বছৰ তপস্যা কৰাৰ পিছত এদিন পুনৰ নিৰ্দেশ আহিল তুমি সৃষ্টি কৰা। জলময় পৃথিৱী স্থলমই আৰু জীৱ জগতৰে পূৰ্ণ কৰা৷ মোৰ কামনা পূৰ্ণ কৰা। তুমি কোন, তোমাক মই দেখা নাই। তুমি দৃশ্যমান হোৱা। তেতিয়া মহামায়াই দিব্য ৰূপত

৩৪