পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

তোমাক মই এটা উপদেশ দিম। তুমি মহৰ্ষি মেধষৰ ওচৰলৈ গলে তেখেতে তোমাক মহামায়া সম্পৰ্কে সম্পূৰ্ণ জ্ঞান দিব পাৰিব। বৰ্ত্তমান সময়ত মহামায়া সম্পৰ্কে জানিব বিচাৰিলে মাত্ৰ দুজন দেৱী জ্ঞান শীৰ্ষক ব্যক্তি আছে। এওঁলোক হ’ল- মাৰ্কণ্ডেয় মুনি আৰু মহৰ্ষি মেধষ। বাৰু গুৰুদেৱ প্ৰথমে মোক আপুনি অজ্ঞান এন্ধাৰৰ পৰা জ্ঞানৰ পথ দৰ্শন কৰক। মোক আপুনি অজ্ঞানতা দূৰ কৰক গুৰুদেৱ। হে ঋষিবৰ তুমি নিৰাশ হ’ব নেলাগে। দাদাহঁতৰ অবৰ্ত্তমানত মই তোমাক কিছু পৰিমানে হলেও তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম। তোমাৰ প্ৰশ্নসমূহ মোক জানিবলৈ দিয়া। পক্ষীৰ কথা শুনি জৈমিনী মুনি ক'লে- হে গুৰুদেৱ মোৰ প্ৰশ্ন এই-

১। ভগবানে কিয় মানুহ ৰূপে মানুহৰ ঘৰত জন্ম ল’ব লগা হ’ল।
২। পৰ পতিৰ বাবে নাৰীৰ আশক্তিৰ কাৰণ কি গুৰুদেৱ?
৩। ভগৱানৰ মুক্তিদাতা কোন?
৪। ভগৱান কৃষ্ণৰ মৃত্যু কিয় হৈছিল?

 গুৰুদেৱ এই চাৰি প্ৰশ্নই মোৰ আহাৰ, নিদ্ৰা হৰণ কৰিছে, দয়া কৰি আপুনি মোক এই চাৰি প্ৰশ্নৰ সমিধান দিয়ক মহাশয়।

 জৈমিনী তত্বসাৰ তোমাৰ প্ৰশ্ন। পাপনাশক ইয়াৰ উত্তৰ। তুমি ভালদৰে শুনা তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ-

 ১। ক্ৰোধ
 ২। অজ্ঞানতা
 ৩। তত্ব
 ৪। কৰ্মফল

 জৈমিনী তেনেহ'লে ভক্তিভাবে শুনি যোৱা। সৃষ্টিখন জলময়