পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

চাৰিটা পক্ষীৰ পোৱালী জন্ম লাভ কৰিলে।

 কুৰুক্ষেত্ৰৰ ওচৰতে আছিল যোগসিদ্ধ সৈমীক মুনিৰ আশ্ৰম। এদিনাখন সৈমীক মুনি কুৰুক্ষেত্ৰৰ মাজেৰে শিষ্য সকলক লগত লৈ গৈ আছিল। ইতিমধ্যে মানুহৰ মুখৰোচক এটা কথা যত কুৰুক্ষেত্ৰ মহাযুদ্ধ হৈছিল তাত বৰ্ত্তমান ভূত-প্ৰেতৰ ঠাই হৈছে। দিনতে মানুহ যাব নোৱাৰি, এটা জয়াল পৰিৱেশ। চাৰিওফালে ভুত-প্ৰেতৰ কিৰিলি। নিশা হ’লে অতৃপ্ত আত্মাবোৰৰ কৰুণ বিননি। সৈমীকৰ মনত প্ৰশ্নৰ উদয় হ’ল এইয়া সত্য নে মানুহৰ মনে সজা কাহিনী। শিষ্যসহ গৈ গি মুনি ৰণক্ষেত্ৰৰ মাজত ঘণ্টাটোৰ ওচৰ পালে। শিষ্যসকলে ক’লে গুৰুদেৱ ইয়াত আমি এটা কাৰোবাৰ মাত শুনিবলৈ পাইছো। এনেতে দেখা গ'ল পৰিত্যক্ত প্ৰকাণ্ড ঘণ্টাটো। ইয়াত কিহে মাতে বুলি শিষ্যসকলে ঘণ্টাতো তুলি চালে, তলত দেখিলে চাৰিটা পক্ষীৰ পোৱালী।

 সৈমীক মুনি বৰ আচৰিত হ’ল। নিশ্চিন্দ্ৰ ঘণ্টাৰ ভিতৰত পক্ষীৰ পোৱালী। এই কথা যেন সাধাৰণ নহয়। সৈমীক মুনি ধ্যান মগ্ন হ’ল। ধ্যান যোগে মুনি বুজি পালে এইয়া সাধাৰণ পক্ষীৰ পোৱালী নহয়। এই চাৰি শুক্ৰিশ মুনিৰ সাপভ্ৰষ্টা নন্দন ইহঁত। এদিন বিদগ্ধ পণ্ডিত হ’ব। ইহঁতক মই ইয়াত এনেদৰে এৰি যাব নোৱাৰিম। সৈমীক মুনি বৰ যত্নেৰে পক্ষী কেইটা তেওঁৰ আশ্ৰমলৈ লৈ গ’ল। পুত্ৰ বৎ ইহঁতক পালন কৰি পক্ষী কেইটাক নানান শাস্ত্ৰ, বেদ-উপনিষদৰ জ্ঞানেৰে জ্ঞানৱান কৰিলে। শুক্ৰিশৰ শাপপ্ৰাপ্ত সৈমীকৰ শিষ্যশ্ৰেষ্ঠ পিংৰাক্ষ, পিৰাধ, সুপুত্ৰ, সমুখ বৰ্ত্তমান মহা বেদজ্ঞানী, ধৰ্মজ্ঞানী, সৰ্বজ্ঞানী পণ্ডিত। তেওঁলোকৰ ওচৰলৈ গ’লে তোমাৰ প্ৰশ্ন কেইটাৰ

২৭