পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

নৃত্য, আমাৰ জীৱন নহয়। লাজ নেলাগে এই বৃদ্ধ বয়সত ষোড়শী গাভৰুৰ নৃত্য চাবলৈ। বৃদ্ধ পক্ষীৰ দৰে তুপুকা লগা শৰীৰ আকৌ চাই বপু নৰ্ত্তকীৰ নৃত্য। সকলো বাদ্য হঠাৎ বন্ধ হৈ গ’ল, স্তব্ধ হৈ গ’ল নৰ্ত্তকীৰ নাচোন।

 বহা আসনৰ পৰা ঠিয় হ’ল দুৰ্ব্বাসা, কিকলি বপু মই বৃদ্ধ পক্ষী, মই বৃদ্ধ, তই যুৱতী সেইবাবে তোৰ ইমান অহঙ্কাৰ, ভুল কৰিলি বপু তই বৰ ভুল কৰিলি। হেৰ অহংকাৰী বপু এবাৰ ভালদৰে শুনি ল মোক আজি তই যেনেদৰে বৃদ্ধ পক্ষী জ্ঞান কৰিলি, ৰূপগৰ্বী বপু তোৰ এই ৰূপ এই মুহুৰ্ততে শেষ হৈ যাওঁক আৰু আজিৰ পৰা তই মৰ্ত্য লোকত গৈ পক্ষীৰ জন্ম গ্ৰহণ কৰগৈ। ইন্দ্ৰৰ ৰাজসভাত কাহ পৰি জিন গ’ল। অভিশপ্তা বপুই মুনিৰ চৰণত ধৰি কান্দিবলৈ ধৰিলে। মোক ক্ষমা কৰি দিয়ক গুৰুদেৱ। মই নাজানি যি ভুল কৰিলো তাৰ বাবে মোক অভিশাপৰ পৰা মুক্তি দিয়ক গুৰুদেৱ। অবলা নাৰী মই, ৰূপৰ গৰ্বত মই আপোনাক নিন্দা কৰিছো। তাৰ বাবে মই কৰযোৰে মিনতি কৰিছো মোক অভিশপ্ত নকৰিব গুৰুদেৱ। নাই নাই ক্ৰোধৰ সাগৰ দুৰ্বাসাৰ অভিশাপ কোনো দিনে খণ্ডন নহব। এৰা নাৰী জাতি, যা বহুত স্তুতি কৰিছ। সেয়েহে তোৰ শাস্তি কিছু লাঘৱ হওঁক, মাত্ৰ ষোল বছৰৰ বাবে তই পক্ষীৰ জন্ম ল’ব লাগিব। বপু ভালদৰে শুনি ল অহঙ্কাৰে পতনৰ মূল। মনৰ গৌৰৱত, ৰূপৰ গৌৰৱত দুৰ্ব্বাসা মুনিক কৰিছ প্ৰত্যাক্ষান। তথাপি তোৰ প্ৰতি সদয় হৈ অভিশাপৰ কিয়দাংশ মই মোচন কৰিম। ব্ৰহ্মশাপৰ পৰা কোনে কেতিয়াও নিষ্ঠাৰ পোৱা নাই৷ পূৰ্বতে মোৰ অভিশাপত স্বৰ্গত লক্ষী নাশ হৈছিল। দেৱৰাজ ইন্দ্ৰৰ গাত সহস্ৰ যৌনী হৈছিল ব্ৰহ্মশাপত।