পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

বয়সত মোৰ নৰ্ত্তকীৰ নাচোন চাবলৈ মন গ’ল। দেৱৰাজ ইন্দ্ৰ মই শুনিবলৈ পাইছো তোমাৰ হেনো ষোলশ নৰ্ত্তকী আছে আৰু শুনিছো তাৰ ভিতৰত বপু নামৰ অপস্বৰা জনী হেনো আটাইতকৈ ধুনীয়া। মাতা নৰ্ত্তকী সকলক ৰাজ সভালৈ মাতা। আজি নৰ্ত্তকীৰ নাচোন চাম ষোলশৰ ভিতৰত দশজনী নাহিলেও ক’ব লগা নাই। কিন্তু বপু নিশ্চয় আহিব লাগিব। দুৰ্বাশাৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই বুজিলে আজি নিশ্চয় কোনো অঘটন ঘটিব পাৰে। কাৰণ আগতে এবাৰ দুৰ্বাশামুনি আহি স্বৰ্গত লক্ষী নাশ কৰি গৈছিল। আজি যেন আকৌ তাৰেই পুনৰাবৃত্তি হ’ব। ষোলশ নৰ্তকীক সাজি কাছি নাচিবৰ বাবে আহিবলৈ আদেশ দিয়া হ’ল লগতে কোৱা হ'ল মৰ্ত্যভূমিৰ পৰা আহিছে বিশিষ্ট মহানভৱ তপস্বী লগত আনিছে বহুলো মূল্যবান হিৰা, মুকুতা, নাচোনত তুষ্ট হ’লে এইবোৰ পুৰস্কাৰ দিব আৰু যদি অসন্তুষ্ট হয় তেনেহ’লে তিৰস্কাৰো পাব পাৰে। আদেশ পাই নৰ্ত্তকীসকলে সাজি—কাচি মুনিৰ আগত মৃদঙ্গৰ তালে তালে নাচিবলৈ ধৰিলে। মুনি কাৰো প্ৰতি ভ্ৰূক্ষেপ কৰা নাই কাৰণ তেতিয়াও বপু সভাস্থলীত উপস্থিত হোৱা নাই। বপুৰ বিলম্ব দেখি দুৰ্বাসাৰ মনৰ ভিতৰত ক্ৰোধৰ সঞ্চাৰ হ’ল। ইমান অহংকাৰ নে বপুৰ। মোক অবজ্ঞা কৰি বপুই ৰাজসভাত উপস্থিত হোৱা নাই। তেনে সময়তে লয়লাস ভঙ্গিৰে বপু আহি ৰাজ সভাত উপস্থিত হ’ল। অপৰূপ লাবন্যৰ অধিকাৰী বপুক দেখি দুৰ্বাশাই ক’লে- বপু নাচা, বপু দেওপাৰি পাৰি নাচা, মই তোমাৰ নৃত্য চাবলৈ বহু দূৰৰ পৰা বাটকুৰি বাই আহিছোঁ। নাচা বপু মনৰ উলাহত নাচা। দুৰ্ব্বাসাৰ কথা শুনি বপুই কলে- আমি দেৱ

সমাজৰ মনোৰঞ্জনৰ আহিলা। আমি সাধাৰণ তপস্বীৰ বাবে আমাৰ

২১