পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

পাৰত নশ্বৰ দেহ ত্যাগ কৰি এটা ডেকা পক্ষীৰ ৰূপ ল’লে। ভবামতে নহ’ল। মণ্ডপালৰ আকৌ বিপদ। সাধাৰণতে দেখা যায় পক্ষী বিলাকৰ দুটা কণি পাৰে, দুটা পোৱালিৰ জন্ম হয়। দুটাই এযোৰ হৈ সংসাৰ বৃদ্ধি কৰে। কিন্তু মণ্ডপাল জন্মিল অকলে। সংগীবিহীন হৈ মণ্ডপালে ডালে ডালে ঘূৰি ফুৰিবলৈ ধৰিলে। দুৰ্ভাগ্যই লগ নেৰা মণ্ডপালৰ এনেকুৱা দুৰ্গতি হ’ল মণ্ডপালে যি জাকতে পৰে মতাবোৰে খুটি খুটি মণ্ডপালৰ মূৰৰ পাখি নোহোৱা কৰিলে। সংগীৰ বাবে ঘূৰি ঘূৰি আছে মণ্ডপাল। দৈৱৰ এক পৰিঘটনা এহাল পক্ষীয়ে কণী পাৰিছিল চাৰিটা চাৰিটা কনীৰ এটা নষ্ট হৈছিল আৰু তিনিটা কনী ফাটি পোৱালি হৈ তিনিটাই এযোৰ কৰি চলি আছিল। মণ্ডপালৰ, পক্ষী জন্মৰ কেইদিনমান আগত এই তিনিটাই এযোৰ হৈ থকা পক্ষীৰ মতা পক্ষীটো এটা ব্যাধে চিকাৰ কৰি লৈ গৈছিল। স্বামীৰ মৃত্যু বেদনাত পক্ষীয়ানী দুয়োটাই গছৰ ডালত বহি কান্দি আছিল। পক্ষীৰ জন্ম লোৱাৰ পিছত মণ্ডপালে পক্ষীৰ ভাব ভাষাবোৰ বুজি পাইছিল। ওপৰেৰে উৰি গৈ থকা অৱস্থাত তলৰ ডালত বহি কান্দি থকা পক্ষীয়ানী দুজনীক দেখা পালে আৰু বুজিলে নিশ্চয় ইহঁতৰ স্বামী নাই। মণ্ডপালে এই দুই পক্ষীয়ানীৰ লগতে বুজাবুজি কৰি সংসাৰ আৰম্ভ কৰিলে। কিছুদিনৰ পিছত মণ্ডপালৰ প্ৰথম পত্নী জৰীতাৰ পৰা ক্ৰমে চাৰিটা পুত্ৰ সন্তান জন্মিল। ইহঁতৰ নাম দিয়া হ’ল ক্ৰমে জৰিতাৰী, চাৰিসৃক, তম্বুমিত্ৰ আৰু দ্ৰোন। মণ্ডপালৰ আনজনী ভাৰ্য্যা লপিতা বন্ধ্যা হোৱা হেতুকে তাইৰ পৰা কোনো সন্তান জন্ম নেপালে। পুত্ৰ মুখ দৰ্শন হৈ মণ্ডপাল স্বৰ্গলৈ গুচি গ’ল। মণ্ডপালৰ পৰিয়াল

১৯