পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

শাস্ত্ৰ, ওঠৰ পুৰাণ, ভূত ভৱিষ্যত, অতীত, বৰ্তমান সকলো জনা ধৰ্মজ্ঞানী, বেদজ্ঞানী, সৰ্বজ্ঞানী পক্ষীৰূপে তহঁতে জন্ম গ্ৰহণ কৰিব লাগিব। মাৰ্কণ্ডেয় মুনিৰ কথা শুনি জৈমিনী মুনিয়ে ক’লে হে গুৰুদেৱ এনেকুৱা জ্ঞানলব্ধ কথা যাৰ বাবে ক্ষুধা-তৃষ্ণা, মোৰ অনুভৱ হোৱা নাই। এইবাৰ দয়া কৰি এই অভিশপ্ত ঋষি পুত্ৰসকলৰ পক্ষীৰ জন্ম সম্পৰ্কে মোক বুজাই কওঁক। মাৰ্কণ্ডেয় মুনিয়ে ক’লে জৈমিনীক এক অলৌকিক কাহিনী ক’লে- পূৰ্বকালত মণ্ডপাল নামৰ এজন ধৰ্মজ্ঞানী ঋষি আছিল। মণ্ডপালে গোটেই জীৱন ঈশ্বৰ চিন্তাত সংসাৰত ভৰি নিদিলে। আশ্ৰমে আশ্ৰমে বিভিন্ন ধৰ্মৰ জ্ঞান লৈ লৈ মণ্ডপালে দিন অতিবাহিত কৰিলে। বৃদ্ধ বয়সত মণ্ডপালে শুনিবলৈ পালে মানুহবোৰে তেওঁক হীনজ্ঞান কৰে। বহুজনৰ মতে মণ্ডপাল অপুত্ৰক, মহাপাপী। মণ্ডপালে ভাবিলে মই যাগ-যজ্ঞত গ’লে মোক সমভাগত আসন দিব নোখোজে যে মই অস্পৃশ্য, যেন মোৰ উপস্থিতি আনৰ ক্ষতিকাৰক। এৰা, মানৱ সমাজতে যদি মই ইমান ঘৃণনীয় নিশ্চয় স্বৰ্গযাত্ৰাতো মোৰ আউল লাগিব। সংসাৰ নকৰি জীৱন মোৰ আধৰুৱা হ’ল। সন্তানহীনতাই সমাজত মোক ঘৃণাৰ পাত্ৰ সজালে নহয়। মই পিতৃত্ব লাভ কৰিব লাগিব। কিন্তু এই বৃদ্ধ বয়সত কোনে দিব মোক ভাৰ্য্যাৰ স্থান পূৰ্ণ কৰি। সন্তানৰ মৰম সনা মাত অসম্ভৱ। হয়তো এই বয়সত সন্তানৰ পিতৃ মই হ’ব নোৱাৰিম। মোক অতি সোনকালে পুত্ৰ লাগে। কম সময়তে পুত্ৰ ক’ত পাম, এৰা পাম যদি মই পক্ষীৰ জন্ম গ্ৰহণ কৰোঁ ছমাহৰ ভিতৰতে মই সন্তান প্ৰজনন

ক্ষমতা পাম। এই কথাষাৰ মনত ভাবি মণ্ডপাল মুনি নৰ্মদা নদীৰ

১৮