পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰখন ঘোৰ অশান্তিৰে ভৰি পৰিল। মনৰ দুখত এদিনাখন শুক্রিশ মুনি সিদ্ধান্ত ললে মই ইয়াত নাথাকো ৷ এনেধৰণে যদি সদায় ঘৰখনত অশান্তি হৈ থাকে তেনেহ’লে আমাৰ মৃত পিতাৰ নামত আমি কলঙ্ক দিয়া হ’ব। সেয়েহে মই ইয়াত থকা উচিত নহয়। এদিন শতম্বুক মাতি আনি শুক্রিশে কলে- “শতম্বু এই পৈত্রিক সম্পত্তি আশ্ৰমৰ সকলো স্থাৱৰ অস্থাৱৰ সকলোখিনিৰ গৰাকী আজিৰ পৰা তই। মই ইয়াত নাথাকো। মই অন্য ঠাইলৈ গুচি যাম। কিন্তু মনত ৰাখিবি আশ্ৰম বা ঘৰখনৰ উন্নতি বা অধঃনতিৰ লগত মৃত পিতৃৰ নাম জড়িত হৈ আছে। মৃত পিতৃৰ যাতে আত্মাই কষ্ট নাপায়, আশ্ৰমখন ভালদৰে পালন কৰিবি।” এই বুলি আশ্ৰমৰ দায়িত্ব শতম্বুৰ হাতত অৰ্পন কৰি শুক্রিশে ভাৰ্য্যা গৌতমীৰ হাতত ধৰি আশ্ৰম ত্যাগ কৰি যাবলৈ ওলাই আহিল। শতম্বুৰ হৃদয়ত ভাতৃৰ প্ৰতি থকা প্ৰেমে দুচকুৰে নামি আহিল বেদনাৰ অশ্ৰুধল ৷ অশ্রুসিক্ত নয়নেৰে শতঙ্কুৱে শুক্ৰিশৰ মুখলৈ চায় ক’লে- মোক ত্যাগ কৰি তই গুচি নাযাবি দাদা “কুহাকিনী’ৰ মায়াত পৰি সোণৰ সংসাৰখন আমাৰ পুৰি চায় হ’বলৈ ওলাইছে। দলনিত পোনা মেলাৰ দৰে মোক অকলশৰীয়া কৰি এৰি নাযাবি ভাই।” শতম্বুৰ নানা স্তুতি বানীও শুক্ৰিশৰ মন গলাব নোৱাৰিলে। ভার্যা গৌতমিৰ হাতত ধৰি আশ্ৰমৰ ফালে ঘূৰি ঘূৰি চায় মন্থৰ গতিৰে দুয়োজন আগবাঢ়ি গ'ল। চেনেহৰ ভাতৃ শতন্তু মুনি কাঠৰ পুতলাৰ দৰে বিদায়ৰ এই দৃশ্য চায় থিয় হৈ ৰ’ল। সাক্ষী হৈ ৰ'ল আশ্ৰমৰ তৰ-তৃণ, চৰাই-চিৰিকতি। এজাক সৰু বৰষুণ শুক্ৰিশৰ বিদায় বেলাত যেন সকলোৰে চকুপানীহে সৰিছে। শুক্ৰিশ মুনি অনাহাৰে পথশ্রান্ত হৈ বিদ্ধাগিৰি পৰ্বতত উপস্থিত হ’ল। গছৰ তলতে সন্ধ্যা জলপান