পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱতাৰণা কৰি তেওঁলোকৰ পৰা মই উত্তৰ বিচাৰি লম কিন্তু গুৰুদেৱ মোক এইবাৰ নিৰাশ নকৰি শেষত এটি প্রশ্নৰ উত্তৰ দিয়ক । আপুনি কোৱা এই ধর্মজ্ঞানী, সৰ্বজ্ঞানী পক্ষী চাৰিটা কেতিয়া কাৰ পৰা কেনে ভাবে জন্ম গ্ৰহণ কৰিছিল। এওঁলোকৰ গুৰু কোন? কাৰ দ্বাৰা এওঁলোক ইমান বিদগ্ধ ধর্মজ্ঞানী পণ্ডিত হ'ল এই কথাখিনি দয়া কৰি মোক বুজাই কওঁক গুৰুদেৱ।

 মার্কণ্ডেয় মুনি মহা চিন্তাত পৰিল। বহু আশা কৰি জ্ঞান আহৰণৰ বাবে জৈমিনী মোৰ ওচৰলৈ আহিছিল। যদি মই শেষ প্রশ্ন পক্ষী চাৰিটাৰ জন্ম কথাখিনি মুনিৰ আগত প্ৰকাশ নকৰো তেনেহ'লে মই ঘোৰ অন্যায় কৰা হ'ব। নহয়, এই প্রশ্নৰ উত্তৰ মই মুনিক অৱশ্যে দিম। হে মুনিবৰ তেনেহ'লে আপুনি একান্ত মনে শুনক- এই চাৰি ধর্মপক্ষীৰ অতীত আৰু বৰ্ত্তমানৰ গধুৰ বৃত্তান্ত। মুনিৰ আশ্ৰমৰ শিষ্যসকলক কর্ম নির্দেশনা দি মুনি একান্ত মনে জৈমিনী মুনিৰ আগত ধৰ্মপক্ষীৰ জন্ম বৃত্তান্ত ক’বলৈ আৰম্ভ কৰিলে।

 পূর্ব্বকালত সিদ্ধিশ্রী নামৰ এজন তপস্বী আছিল। এই সিদ্ধিশ্ৰীৰ দুজন ল'ৰা আছিল। ডাঙৰ লৰা শুক্ৰিশ আৰু সৰু ল'ৰা সতম্বু। দুই ভাই অতি মিলাপ্ৰীতিৰে লাহে লাহে ডাঙৰ হৈ আহিল। ওচৰৰ গুৰু গৃহত দুয়ো শিক্ষা-দীক্ষা লাভ কৰি ঘৰলৈ ঘুৰি আহিল। এদিনাখন সিদ্ধিশ্ৰীৰ মৃত্যু হ’ল। পিতৃৰ মৃত্যুত শুক্রিশ সতম্বু দুখত বৰ ম্রিয়মান হৈ পৰিল। পিতৃৰ প্ৰেতকর্ম সম্পূৰ্ণ কৰি দুয়ো ভাই গৃহকর্মত মনোনিৱেশ কৰিলে। কালক্ৰমত দুই ব্ৰাহ্মণ কন্যাৰ পানী গ্ৰহণ কৰি দুয়োজন সংসাৰ ধৰ্মত ভৰি দিলে। সময়বোৰ গৈ থাকিল। এদিন দুদিনকৈ ঘৰখনত গৃহ কন্দল আৰম্ভ হ'ল। শান্তিৰ পূৰ্ণপ্ৰাপ্ত