পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভগৱান শ্ৰীকৃষ্ণ নাম লৈ মানব ৰূপী বসুদেৱ দৈৱকীৰ ঘৰত, কাৰাগাৰৰ এন্ধাৰ কোঠাত জন্ম লৈ, বাৰিষাৰ যমুনা পাৰ হৈ নন্দ-যশোদাৰ ঘৰত লালিত-পালিত হৈ গৰখীয়া জীৱন যাপন কৰিব লগা হ’ল কিয়? এইয়া মোৰ জানিবলগীয়া প্ৰথম প্ৰশ্ন?

দ্বিতীয় প্ৰশ্ন : মহাভাৰতৰ মহা সতী দ্ৰোপদী নৰশ্ৰেষ্ঠ, জ্ঞান শ্ৰেষ্ঠ ভক্তিবান শক্তিবান, ধৰ্ম পৰায়ন পঞ্চপতি তেওঁৰ। ৰূপে-গুণে বিৰ্য্য বীৰত্বৰ চূড়ান্ত নিদৰ্শন পঞ্চ পাণ্ডব। এই পঞ্চ পাণ্ডবৰ ভাৰ্য্যা সতী দ্ৰৌপদী। পঞ্চপতি ভুক্তা দ্ৰোপদী ষষ্ঠ পতি কিয় কামনা কৰিছিল। কৰ্ণৰ বীৰত্বত দ্ৰৌপদী মুগ্ধ হৈ স্বামী ৰূপে পাবলৈ আবেগ বিহ্বল হৈ পৰিছিল কিয়?

তৃতীয় প্ৰশ্ন: ৰাম নামে জগতৰ সৰ্ব পাপ খণ্ডনৰ নীতি হৈ থাকোতে ৰামে ব্ৰহ্মহত্যা কৰি মুক্তিৰ বাবে তীৰ্থলৈ যাব লগা হৈছিল কিয়? ৰাম নাম লৈয়েই যদি জীৱে মুক্তি লাভ কৰে তেনেহ'লে সেই ৰামে নিজৰ মুক্তিৰ বাবে কাক প্ৰাৰ্থনা কৰে, কোনে তেওঁক মুক্তি দিব পাৰে। শুনক গুৰুদেৱ যেতিয়া পিতৃ যমদগ্নীৰ আদেশত মাতৃ ৰেণুকাক কুঠাৰেৰে মুণ্ডচেদ কৰি ব্ৰহ্মহত্যাত লিপ্ত হৈছিল ঋষিপুত্ৰ ৰাম। মাতৃ হত্যাৰ পাপত ৰামৰ হাতৰ পৰা চিন্নমুণ্ড আৰু কুঠাৰ সলকি পৰা নাছিল আৰু সেই পাপ খণ্ডনৰ বাবে পৰশুৰামে তীৰ্থ যাত্ৰা কৰিছিল। ভগৱানৰ দশ অৱতাৰৰ পঞ্চম ৰূপ পৰশুৰাম। গুৰুদেৱ, তেনেহ'লে এই ভগৱান অৱতাৰ বা ভগৱানে ব্ৰহ্ম হত্যা পাপৰ মুক্তি বিচাৰি কাক স্তুতি কৰিছিল। যাৰ নামেৰে জীৱজগতক মুক্তি দিয়ে। তেনেজনক কোনে মুক্তি দিব পাৰে গুৰুদেৱ। এই প্ৰশ্নই দিবা-নিশি মোৰ আহাৰ-নিদ্ৰা সকলো হৰণ কৰিছে। যিমানে চিন্তা কৰিছো