পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্মপক্ষী

 পূৰ্ব্বকালত জৈমিনী নামৰ এজন মুনি আছিল। মুনিজন বৰ শাস্ত্ৰপ্ৰিয় জ্ঞান পিপাষু আৰু বৰ চিন্তাশীল ব্যক্তি আছিল। গোটেই জীৱনটো মুনিবৰে কেৱল জ্ঞানৰ সন্ধানত ঘূৰি ফুৰিছিল। সংসাৰ বুলিবলৈ জৈমিনীৰ কেইজনমান উদাৰ মনৰ শিষ্য, আশ্ৰমখন আৰু তাত থকা চৰাই-চিৰিকতিবোৰে মুনিৰ পৰিয়াল। ভালেদিন মুনি ভালদৰে খাব, শুব পৰা নাই, কেৱল চিন্তা মাজে মাজে ভাবে মোক চিন্তাৰ পৰা কোনে উদ্ধাৰ কৰিব পাৰিব। ভাবি ভাবি এদিন মুনিবৰে হঠাৎ উৎফুল্লিত হৈ উঠিল। এৰা তেওঁৰ মনৰ এই চিন্তা দূৰ কৰিবলৈ এজন আছে যোগ্য ব্যক্তি। সেইজন হ’ল মাৰ্কণ্ডেয় মুনি। মোৰ মনৰ কথাবোৰ তেখেতৰ ওচৰত কলে তেখেতে মোৰ কথাবোৰৰ সমিধান দিব পাৰিব।

 মাৰ্কণ্ডেয়ৰ বাহিৰে মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আন কাকো মই বিচাৰি পোৱা নাই। পিছদিনা ৰাতিপুৱাই উঠি জৈমিনী মুনি প্ৰাতঃকৃত স্নান তৰ্পন নিত্য পূজা আদি শেষ কৰি বাটকুৰি বাই মাৰ্কণ্ডেয় মুনিৰ আশ্ৰমত উপস্থিত হ’ল। জপমালা হাতত লৈ শিষ্য সকলক ধৰ্মজ্ঞান দি থকা অৱস্থাত জৈমিনী গৈ প্ৰণাম জনালে।

অখণ্ডঃ মণ্ডলাকাৰং ব্যপ্ত যেন চৰাচৰ।
তদ্ পদ্ দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰবে নমঃ॥