পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱকাশ হ’ল। জৈমিনী ঋষিৰ হৃদয়ৰ মনিকোঠাত উদ্ভাষিত হোৱা তাত্ত্বিক আৰু জাগতিক চিন্তা সমূহৰ সমিধান দিবলৈ গৈ মাৰ্কণ্ডেয় মুনিয়ে মহাজ্ঞানী ধৰ্মপক্ষীৰ তত্ত্বজ্ঞান আৰু অতীত কাহিনী বিস্তাৰিত কৰাটোৱেই পুথিখনৰ মূল বিষয়। মানৱ জীৱনৰ ক্ৰোধ, অজ্ঞানতা, তত্ত্ব, কৰ্মফল, মায়া, ৰিপু আদিৰ সুন্দৰ বিশ্লেষণে পুথিখনক তত্ত্বগধুৰ কৰি তুলিছে। পুথিখনে শিশু আৰু কৈশোৰ মনত নৈতিক, আধ্যাত্মিক আৰু সামাজিক মূল্যবোধ প্ৰতিষ্ঠা কৰি সমাজৰ হিত সাধন কৰিব। ইয়াত কোনো সংশয় নাই। গতিকে এনে এখন পুথি প্ৰকাশৰ যাবে আগবাঢ়ি অহা প্ৰভাত হালৈ ধন্যবাদৰ পাত্ৰ। পুথিখনে সংশ্লিষ্ট সকলো পাঠকৰে সমাদৰ পাব বুলি আশা কৰিলোঁ।

ধন্যবাদেৰে-
ড০ দীক্ষিতা দেৱী
অধ্যাপিকা, অসমীয়া বিভাগ
শ্বহীদ স্মৃতি মহাবিদ্যালয়
বেলশৰ, নলবাৰী
১৭-১২-২০১৯ ইং চন