পৃষ্ঠা:ধৰম গিত.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

দেসে দেসে মেলি জৰি
 কৰা ভুতৰ হাত নিস্তাৰ।  ন. ল.

৭৯

The Believer trusting in Christ.
Happiness. 6, 6, 7.

 হে য়িচু দায়ালু,
 মুক্তি নাথ ক্ৰিপালু,
আপোনাত সৰ্বদাই কৰোঁ আস;
 মেলি পাপৰ জৰি,
 আত্মা সুচি কৰি,
আমাক দিয়া স্বৰগতে বাস।

 পাপি লোকৰ হেতু
 জগতৰে সেতু
হলা তুমিহে য়িচু খ্ৰিষ্ট;
 প্ৰিথিবিলৈ আহি,
 আপোন প্ৰান তিয়াগি,
তুমি ত্ৰান কৰ্তা পৰম ইষ্ট।
 ব. দ.